Bokajan Drugs Paddler Arrested :
চুবুৰীয়া নাগালেণ্ডৰ পৰা কাৰ্বি আংলংৰ বোকাজান হৈ অসমৰ ভিন্ন প্ৰান্তলৈ সংগোপনে অব্যাহত থকা ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে বোকাজান আৰক্ষীয়ে মাৰাথন অভিযান চলাই থকাৰ মাজতে শুক্ৰবাৰে নিশা আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয় ৷পুৰণা লাহৰীজানত আৰক্ষীৰ নিয়মীয়া তালাচিত এখন ট্ৰাকৰ জব্দ হয় ১.৩ কেজি হেৰ’ইন ৷
ADVERTISEMENT
মণিপুৰৰ পৰা আহি এন এল ০১-এ ই ৪৩৮২ নম্বৰৰ থকা ট্ৰাক এখনত ড্ৰাগছ সৰবৰাহকাৰীয়ে প্ৰায় ১১৬ টা চাবোনৰ কেচত সংগোপনে লুকুৱাই আনিছিল ড্ৰাগছ খিনি ৷
ইতিমধ্যে বোকাজান আৰক্ষীয়ে ট্ৰাকহখন জব্দ কৰাৰ লগতে আটক কৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী দিলদাৰ হুছেইন আৰু আজিজুল হকক ৷অধিক তথ্যৰ বাবে ড্ৰাগছ পেডলাৰ দুটাক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷