Eid Celebration : ইফতাৰৰ বাবে সামগ্ৰী কঢ়িওৱাৰ সময়তে সেনাৰ ট্ৰাকত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ঈদ পালন নকৰে কাশ্মীৰৰ এই গাঁৱে

2023 4largeimg 144814254

Eid Celebration :

দেশজুৰি উদযাপন কৰা হৈছে সমগ্ৰ দেশতে ঈদ (Eid-ul-Fitr) । কিন্তু জম্মু আৰু কাশ্মীৰৰ (J&K) পুঞ্চৰ এখন গাঁৱে এইবাৰ ঈদ উদযাপন নকৰাৰ সিদ্ধান্ত লৈছে ।

দৰাচলতে, চাংগিওট নামৰ সেই গাওঁখনৰ ফালে গৈছিল ভাৰতীয় সেনাৰ সেই ট্ৰাক , য’ত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল।

ঘটনাটোত পাঁচজন সৈনিক নিহত হয় । গাওঁখন এতিয়া শোকৰ ছাঁ । শনিবাৰে, এটা উৎসৱমুখৰ পৰিৱেশৰ সলনি গাওঁখনত পৰিছে শোকৰ ছাঁ।

ট্ৰাক খনত ইফতাৰৰ বাবে ফল আৰু অন্যান্য সামগ্ৰী লৈ যোৱা হৈছিল। বৃহস্পতিবাৰে সন্ধিয়া এটা ইফতাৰ পাৰ্টি অনুষ্ঠিত হোৱাৰ কথা আছিল।

সেই পাৰ্টিৰ বাবেই সামগ্ৰীবোৰ সেনাৰ ট্ৰাকত লৈ যোৱা হৈছিল। চাংগিওটৰ গাঁৱৰ চৰপঞ্চ মুখতিয়াজ খানে কয়, “দুৰ্ঘটনাটোৰ পাছত য’ত আমাৰ পাঁচজন জোৱান শ্বহীদ হৈছে, তাত আৰু কি ইফতাৰ ? খবৰটো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছৰে পৰা সমগ্ৰ গাওঁখন শোকত ভাঙি পৰিছে ।

তথ্য অনুসৰি, এখন ট্ৰাকত এদল জোৱান গৈ আছিল । ভট্ট ডুৰিয়ান বনাঞ্চলৰ ওচৰলৈ আহি হঠাৎ ভাৰতীয় সেনাৰ (Indian Army) ট্ৰাকখনত জুই লাগে।

চলন্ত অৱস্থাতে জুই বিয়পি পৰে । ঘটনাটোৰ কেবাখনো ছবি ইতিমধ্যে প্ৰকাশ পাইছে। দেখা গৈছে যে সেনাৰ ট্ৰাকখন জুইৰ গোলকলৈ ৰূপান্তৰিত হৈছে

জুইৰ তীব্ৰ বেছি থকাৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হোৱা বুলিও অনুমান কৰা হৈছে। এই পৰ্যন্ত এই আক্ৰমণত জড়িত থকাৰ সন্দেহত ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Exit mobile version