Eid Celebration In Assam :এমাহজোৰা ৰোজাৰ অন্তত আজি ৰাজ্যজুৰি উছাহ উদ্দীপনাৰৰে পালন হৈছে ঈদ-উল-ফিতৰ

WhatsApp Image 2023 04 22 at 12.17.15 PM

Eid Celebration In Assam :
সমগ্ৰ দেশৰ লগতে আজি অসমতো ইছলাম ধৰ্মালম্বী লোক সকলে পালন ব্যাপক আনন্দ- উছাহৰে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিতৰ |

পবিত্ৰ ৰমজান মাহৰ এমাহজোৰা ৰোজাৰ অন্তত আজি ৰাজ্যজুৰি ইছলামধৰ্মী লোকে উদযাপন কৰিছে ঈদ৷
ইছলামধৰ্মালম্বী লোক সকলৰ অন্যতম পীঠস্থান ছৌদী আৰবত শুক্ৰবাৰে জোন দেখাৰ পাছতে সমগ্ৰ মধ্য প্ৰাচ্যৰ দেশ সহ বিশ্বৰ বিভিন্ন দেশত যোৱাকালি পালন কৰা হয় ঈদ-উল-ফিতৰ ৷

একেদৰে অসমতো হিলাল কমিটিয়ে জোন দেখা বুলি আনুষ্ঠানিকভাবে ঘোষনাৰ পাছতে আজি সমগ্ৰ অসমতে উদযাপিত হয় ঈদ ৷

ধৰ্মীয় ৰীতি-নীতি অনুসৰি পৰম্পৰাগতভাৱে ৰাজ্যৰ ঈদগ্ৰাহ ময়দান সমূহত পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ লয় ইছলাধৰ্মালম্বী লোক সকলে ৷ উল্লেখ্য যে,ঈদৰ প্ৰাক্‌ সন্ধিয়া সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহৰ লগতে মছজিদ সমূহ।

গুৱাহাটী মহানগৰীতো ঈদ উপলক্ষ্যত পুৱা ভাগত মাছখোৱা ,গাড়ীগাঁও,হাতীগাওঁ ,সাতগাঁও আদি অঞ্চলৰ ঈদগ্ৰাহত সমূহীয়া নামাজত অংশ লয় ইছলামধৰ্মী লোক সকলে ৷

নামাজৰ অন্তত ইজনে সিজনৰ প্ৰতি প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ঈদ-উল-ফিতৰ উপলক্ষে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মালম্বী লোকসকললৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Exit mobile version