Elephant Sent To Gujarat zoo:ৰাষ্ট্ৰীয় ঘাইপথেৰে ৪৯ খন ট্ৰাকত গুজৰাটৰ চিৰিয়াখানালৈ হাতী প্ৰেৰণ

573c636e b86c 44d5 9c3a f6e1c814759f

Elephant Sent To Gujarat zoo :

পুনৰ বিলৈ-বিপত্তিৰ সন্মুখীন হ’ল গজৰাজ। হঠাতে অৰুণাচলৰ নামচাইৰ পৰা অসমৰ মাজেৰে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰে গুজৰাটৰ জামনগৰলৈ কঢ়িয়াই নিয়া হ’ল কমেও ৪৯টা হাতী। যোৱা নিশা ৪৯খন ট্রাকেৰে গুজৰাটলৈ অৰুণাচলৰ নামচাইৰ পৰা কঢ়িয়াই অনা এই ট্রাকসমূহ প্ৰত্যক্ষ কৰি তিনিচুকীয়া জিলাৰ ৰঙাজানত স্থানীয় ৰাইজে অৱৰোধ কৰে এই দীঘলীয়া ট্ৰাকৰ কনভয়টো।

স্থানীয় লোকৰ মতে, অসম-অৰুণাচল সীমান্তৰ নামচাইৰ পৰা ট্রাকেৰে কঢ়িয়াই নিয়া এই বৃহৎসংখ্যক হাতীৰ অধিকাংশই বনৰীয়া। আকৌ অৰুণাচলত ট্রাকভ উঠোৱা এই হাতীসমূহ প্ৰকৃততে অসমৰহে বুলিও ক্ষোভ উজাৰি ৰঙাজানৰ স্থানীয় লোকসকলে হাতী কঢ়িওৱা ট্রাকসমূহ যোৱাত বাধা দিয়ে। শতাধিক লোকে কাকপথাৰ- মাকুম বাইপাছ পথত এই ট্রাকসমূহ আবদ্ধ কৰাৰ পাছতে স্থানীয় আৰক্ষীয়ে ৰাইজক বুজাই-বঢ়াই ট্রাকসমূহ গন্তব্য স্থানলৈ ৰাওনা হোৱাত সহায় কৰে।

উল্লেখ্য যে স্থানীয় লোকৰ প্ৰৱল প্ৰতিবাদত হাতী কঢ়িওৱা কনভয়টোত থকা গুজৰাটৰ একাংশ বন বিষয়া আৰু পশু চিকিৎসকে ন্যায়ালয়ৰ অনুমতিৰ আধাৰতহে অৰুণাচলৰ পৰা হাতীকেইটা স্থানান্তৰ কৰা হৈছে বুলি ৰাইজক অৱগত কৰে। আকৌ দলটোৱে মুঠতে ২৩টা হাতীহে স্থানান্তৰ কৰাৰ নথিপত্ৰ প্ৰদৰ্শন কৰে যদিও স্থানীয় লোকৰ মতে মুঠতে ৪৯খন ট্রাকেৰে কঢ়িয়াই নিয়া হাতীৰ সংখ্যা ৪৯টা।

কনভয়টোত আছে চাৰিখনকৈ পশু চিকিৎসাৰ এম্বুলেন্সো। অভিযোগ মতে অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটলৈ কঢ়িওৱা এই বৃহৎসংখ্যক হাতী সৰবৰাহৰ আঁৰত আছে পূৰ্বে অসমতে কাৰ্যনিৰ্বাহ কৰা ডাঃ জাহান নামৰ এজন পশু চিকিৎসক।

গুজৰাটৰ জামনগৰত নির্মীয়মাণ আম্বানী পৰিয়ালৰ ব্যক্তিগত চিৰিয়াখানাত ব্যৱহাৰৰ বাবে অসমসহ অৰুণাচলৰ পৰা কঢ়িয়াই নিয়া হৈছে এই বৃহৎসংখ্যক হাতী। ইয়াৰ পূৰ্বেও চিৰিয়াখানাখনলৈ অৰুণাচলৰ একেটা স্থানৰ পৰাই কঢ়িওৱা হৈছিল কেইটামান হাতী।

লক্ষ্যণীয় যে গুজৰাটৰ পঞ্জীয়ন নম্বৰযুক্ত এই ট্রাকসমূহত কঢ়িয়াই নিয়া হাতীসমূহ কোনে আৰু কেতিয়া মাইক্ৰ ‘চিপ কৰিছিল সেই কথা এতিয়াও প্রকাশ কৰা হোৱা নাই। স্বাভাৱিকতে নামচাইৰ পৰা কঢ়িয়াই নিয়া হাতীকেইটাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

উল্লেখ্য যে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথেৰে একেলগে ইমান বৃহৎসংখ্যক ট্ৰাকেৰে হাতীকেইটা কঢ়িয়াই নিবলৈ আৰম্ভ কৰা দেখিয়ে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে তিনিচুকীয়া জিলাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদী জনতাক সেই স্থানৰ পৰা আঁতৰাই এছক’ৰ্ট দি নিৰাপদস্থানলৈ আগবঢ়াই দিয়ে।

যোৱা নিশা তিনিচুকীয়াত ৰাইজৰ বাধাৰ সম্মুখীন হোৱাৰ পাছৰে পৰা আজি নিশা পর্যন্ত ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা ট্ৰাকৰ কনভয়টোত অসম আৰক্ষীয়ে নিৰাপত্তা প্রদান কৰি আগুৱাই নিয়াত সহায় কৰা পৰিলক্ষিত হৈছে।

Exit mobile version