PMAY :
কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কচুগাওঁ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিজয়নগৰ গাওঁত নৰেশ নাৰ্জাৰীৰ নামত থকা পিএমএওৱাই গৃহটো নিৰ্মাণৰ এসপ্তাহ পাছতে খহি পৰে গৃহৰ দেৱাল ।নিশা বৰষুণ,ধুমুহা হোৱাতে গৃহৰ দেৱাল খহি ৰাকেশ মণ্ডল আৰু শুনু মণ্ডল নামৰ দুজন যুৱক আহত হয়।
ADVERTISEMENT
তথ্য অনুসৰি পিএমএওৱাই গৃহটো নিৰ্মাণৰ দায়িত্ব লৈছিল ভিচিডিচিৰ চেয়াৰমেন আৰু মেম্বাৰে। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সামান্য বতাহতে গৃহৰ দেৱালৰ ইটা খহি পৰাৰ অভিযোগ পৰিয়ালৰ।
ভুক্তভোগী পৰিয়ালটোৱে উক্ত ঘটনা সন্দৰ্ভত কচুগাওঁ উন্নয়ন খণ্ডৰ খণ্ডবিষয়াক অভিযোগ দিয়াৰ লগতে থানাত এজাহাৰ দিব বুলি সংবাদমাধ্যমৰ আগত মত ব্যক্ত কৰে।লগতে উক্ত ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দূৰ্ভোগীয়া পৰিয়ালটোৱে।