Bagsa Youth : ‘মই জীয়াই থাকিব খোজোঁ’ বাগ্‌সাৰ এগৰাকী কৰ্কট ৰোগাক্ৰান্ত যুৱকৰ কৰুণ বিননী

60b859ae 9fc9 496c 9843 c2a6e2247a8f

Bagsa Youth :

বিহুৰ আনন্দ উল্লাসৰ মাজতে পোহৰলৈ আহিছে বাগ্‌সাৰ এগৰাকী ৰোগাক্ৰান্ত যুৱকৰ কৰুণ আৰ্তনাদৰ কথা৷ বাগ্‌সাৰ খাৰিজা বিজনীৰ লাৱদাংগুৰী গাঁওৰ ফুকন নাথ আৰু চিত্ৰা নাথৰ পুত্ৰ সঞ্জীৱ নাথ নামৰ ২০ বছৰীয়া যুৱকজন যোৱা আঢ়ৈ বছৰে হৈ আছে শয্যাগত ৷

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত যুৱকজনৰ ব্যয়বহুল চিকিৎসাৰ বাবে ইতিমধ্যেই দিন হাজিৰা কৰা পিতৃ মাতৃয়ে বিক্ৰী কৰিছে ঘৰৰ সমস্ত সম্পত্তি৷তাৰ পিছতো সুফল নোপোৱাত দিক বিদিক হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে৷যাৰ বাবে অৰ্থৰ অভাৱত ৰোগাক্ৰান্ত পুত্ৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতাই আনিবলৈ বাধ্য হৈছে পিতৃ মাতৃ৷

এতিয়া বিচনাতে উপযুক্ত চিকিৎসা বিচাৰি হাহাকাৰ কৰি থকা পুত্ৰক চিকিৎসা কৰিবলৈ অসমৰ্থ হৈ সংবাদ মাধ্যমৰ জৰিয়তে সহায় বিচাৰিছে দুৰ্ভগীয়া মাতৃয়ে৷মাতৃ চিত্ৰা নাথে কয়,বৰপেটা ৰোডৰ পৰা বৰপেটা,তাৰ পিছত গুৱাহাটীলৈ নিলোঁ যদিও মোৰ ল’ৰাটোক ভাল কৰিব পৰা নাই ৷

গুৱাহাটীত অপাৰেচন কৰাও হৈছে৷ঘৰৰ গছ-গছনি বেছি শেষ কৰিলোঁ,আনৰ ঘৰত হাজিৰা কৰি কেইটকা পাওঁ৷সেইখিনিৰে ল’ৰাৰ চিকিৎসাই কৰিম নে পেটৰ ভোকৰ ভাতেই খাম৷ল’ৰাটোৱে সদায় কান্দি কান্দি কয় ‘মোক ডাক্তৰৰ ওচৰলৈ নি ডাক্তৰৰ ওচৰলৈ নি’ মা বুলি৷

কিন্তু মই নিৰুপায়৷হাতত নাই টকাপইচা৷মোৰ মানুহটোৱে ৰাজ্যৰ বাহিৰত শ্ৰমিকৰ কাম কৰে৷দুই এক হাজাৰ টকা পঠায়৷সেই টকাৰে ঋণেই মাৰিম নে ভাতেই খাম নে চিকিৎসাই কৰিম ল’ৰাৰ৷ মাতৃ গৰাকীয়ে কয়,ল’ৰাৰ অসুখটো হোৱা প্ৰায় আঢ়ৈ বছৰ হ’ল৷ডাক্তৰে ব্লাড কেঞ্চাৰ হোৱা বুলি কৈছে৷

বি বৰুৱা মেডিকেলত চিকিৎসা কৰি আছিলোঁ যদিও টকাৰ অভাৱত তাৰ পৰা ঘৰলৈ ওভতাই লৈ আহিছোঁ৷তেজ দি থাকিব লাগে ল’ৰাটোক৷তেজ দিয়া মানুহো নাপাও৷আমি দুখীয়া বাবেই আগবাঢ়িও নাহে কোনো৷চৰকাৰলৈ অনুৰোধ,মোৰ ল’ৰাটোক কেনেবাকৈ জীয়াই ৰাখক৷ইফালে অসুস্থ দেহাৰে ৰোগাক্ৰান্ত যুৱক সঞ্জীৱ নাথে শেহাই শেহাই কয়,মই জীয়াই থাকিব খোজোঁ৷

মই বিচনাতে এনেকৈ পৰি আছোঁ বহুদিন ধৰি৷দেহাটো বিষাই থাকে৷মুখ্যমন্ত্ৰী চাৰ,মোক কিবাকৈ সহায় কৰিলে মই জীয়াই থাকিব পাৰিম৷মই নথৈ আনন্দিত হ’ম৷ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সহৃদয় লোক, দল সংগঠনৰ পৰা সঞ্জীৱ নাথৰ চিকিৎসাৰ বাবে সামান্য সহায় বিচাৰি কাতৰ আহ্বান জনাইছে মাতৃ চিত্ৰা নাথৰ উপৰি চুবুৰীয়া লোকে৷

কোনো সদাশয় ব্যক্তিয়ে পৰিয়ালটোক আৰ্থিক সহায় আগবঢ়াব বিচাৰিলে যুৱকজনৰ মাতৃ চিত্ৰা নাথৰ INDIAN BANKৰ বৰপেটাৰোড শাখাত থকা A/C No: 6584493100 IFSC: IDIB000B119 একাউণ্টযোগে সহায় আগবঢ়াব পাৰে অথবা পৰিয়ালৰ মোবাইল নম্বৰ 8471816418 ত যোগাযোগ কৰিব পাৰে৷ চৰকাৰ কিম্বা ব্যক্তি বিশেষৰ অকণমান সহায়ে সঞ্জীৱ নাথক নতুন জীৱন প্ৰদান কৰিব পাৰে৷

Exit mobile version