Deshi Janagosthi Mancha : দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন তুলসীবিলত ।

খিলঞ্জীয়া সকলোক জৰিপ সোনকালে কৰাৰ দাবী সংগঠনটোৰ নেতৃবৃন্দৰ ।

cef96bb6 4da4 46af 91bc befcf1553e97

Deshi Janagosthi Mancha :

কোকৰাঝাৰ জিলাৰ অধিন তুলসীবিলত আজি দেশী জনগোষ্ঠীও মঞ্চ অসমৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিবস উৎযাপন কৰে ।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপূৱা দেশী জনগোষ্ঠীও মঞ্চ অসমৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শূভাৰম্ভ কৰে দেশী জনগোষ্ঠীও মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি জহিৰুল হকে । পতাকা উত্তোলন কাৰ্যসূচীত কোকৰাঝাৰ জিলা সভাপতি মজিবৰ ৰহমানো উপস্থিত থাকে ।

পতাকা উত্তোলনৰ সময়তে দেশী জনগোষ্ঠীও মঞ্চ অসমৰ লক্ষ্য আৰু উদ্দ্যেশ্যৰ লগতে জনগোষ্ঠীও উত্তোৰনৰ দিশতো আলোচনা অনুষ্ঠিত কৰে । উক্ত আলোচনা সভাৰ উদ্দেশ্য ব্যাখ্যা জিলা সম্পাদক মনোনোৱাৰ হুচেইনে ৷

অনুষ্ঠানত জিলাখনৰ অধীনত থকা তুলসিবিল, ভাওৰাগুৰী, দোতমা, অন্ঠাইবাৰী ,বাংগালডোবা আদি আঞ্চলিক সমিতিৰ বিষয় ববীয়াও উপস্থিত থাকে । দেশী সাহিত্য সভা কমিটিৰ উপ-সভাপতি ডা: মনোৱাৰ হুছেইনে কয়, অনাগত দিনত দেশী জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিক সংৰক্ষণ কৰিবলৈ এখন আলোচনী প্ৰকাশ কৰিব বুলি কোৱাৰ লগতে দেশী ভাষাত লিখা মেলা কৰিবলৈও আহ্বান জনায় । বৰ্তমানৰ হিমন্ত বিশ্বশৰ্মা চৰকাৰ খনে দেশী সকলোৰ বহুতো কাম কৰি আছে বাবে ধন্যবাদ জনায় আৰু দেশী খিলঞ্জীয়া সকলোৰ জৰিপ সোনকালে কৰাৰো দাবী জনায় ।

Exit mobile version