Krishnamani Chutia’s Vehicle Accident In Samaguri:চামগুৰিত সংগীত শিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাত পতিত

WhatsApp Image 2023 04 24 at KRISHNAMONI 2

Krishnamani Chutia’s Vehicle Accident In Samaguri:

নগাঁও জিলাৰ চামগুৰিত জনপ্ৰিয় সংগীতশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাত পতিত হয় । নিশাভাগত এক সাংস্কৃতিকানুষ্ঠানত ভাগ লৈ নলবাৰীৰ পৰা এখন ইন’ভা বাহনেৰে শিৱসাগৰ অভিমুখে গৈ থকা পথত নগাৱঁৰ চামগুৰি তিনিআলিৰ সমীপত বিপৰীতে ফালৰ পৰা অহা এখন যাত্ৰীবাহী টেম্পোৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷

ভূল দিশৰ পৰা অহা টেম্পো খনক বচাবৰ বাবে কৃষ্ণমণি উঠি অহা বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডৰত উঠি যায় ৷ ফলস্বৰূপে কৃষ্ণমণি চুতীয়া আৰু বাহন খনৰ চালক জন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ৷ একেদৰে আহত হয় টেম্পো খনৰ চালকজন আৰু ক্ষতিগ্ৰস্ত হয় টেম্পো খনো ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত কৃষ্ণমণি চুতীয়াই কয়,টেম্পো খনে ভূল দিশৰ পৰা তীব্ৰ বেগৰে আহি থকাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঈশ্বৰৰ কৃপাত সাংঘাতিক বিপদৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰা বুলি মন্তব্য কৰে ৷

Exit mobile version