Mobile Blast : মোবাইলত গেম খেলি থকাৰ অৱস্থাতে বিস্ফোৰণ , মৃত্যু আঠ বছৰীয়া শিশু

1682410721 mobile blast

Mobile Blast :

চলিত বৰ্ষতে চাৰ্জত দিয়াৰ অৱস্থাত কথা পাতি থকাৰ অৱস্থাতে মোবাইল বিস্ফোৰণ হৈ মৃত্যু হৈছিল উত্তৰ প্ৰদেশৰ (Uttar Pradesh) এজন ব্যক্তিৰ।

এইবাৰ ঘটনাটো কেৰালাৰ (Kerala)। গেম খেলি থকাৰ অৱস্থাতে মোবাইল বিস্ফোৰণ হৈ মৃত্যু মুখত পৰে এজন আঠ বছৰীয়া শিশু ।

সোমবাৰে নিশা সংঘটিত হয় এই মৰ্মন্তিক দুৰ্ঘটনা । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত শিশুটোৰ নাম আদিত্যশ্ৰী ।বয়স আঠ বছৰ।তেওঁ কেৰালাৰ তিৰুভিলভামালাৰ বাসিন্দা। সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

তথ্য অনুসৰি, তৃতীয় শ্ৰেণীৰ ছাত্ৰ আদিত্যশ্ৰীয়ে সেই সময়ত তেওঁৰ ফোনত গেম খেলি আছিল। খেলি থকাৰ লগে লগে, মুখৰ ওচৰলৈ আনিছিল মোবাইল আৰু তেতিয়াই হঠাৎ বিস্ফোৰণটো সংঘটিত হয়।

জ্বলি যায় শিশুটোৰ মুখ মণ্ডল ।ছিন্ন বিচ্ছিন্ন হৈ যায় শিশুটোৰ শৰীৰৰ ওপৰৰ অংশ। চিকিৎসালয়লৈ লৈ হয় যদিও তেওঁক বচাব নোৱাৰিলে ।

খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে স্থানীয় আৰক্ষী থানাত এটা স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিছে। বিস্ফোৰণ কিয় সংঘটিত হয় সেইয়া জানিবলৈ ফোনটোৰ ধ্বংসাৱশেষ ইতিম্যেই বিশেষজ্ঞসকললৈ প্ৰেৰণ কৰা হয়

Exit mobile version