Job Vacancy : ডিআৰডিঅ’ত কনছালটেন্ট পদত কৰ্মৰত হ’ব বিচাৰে নেকি ?

Job Vacancy

Job Vacancy :

সম্প্ৰতি ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডিআৰডিঅ’)-এ এক বিজ্ঞপ্তিৰ জৰিয়তে চুক্তিৰ ভিত্তিত কনছালটেণ্ট পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

প্রার্থীয়ে সবিশেষ তথ্য লাভৰ বাবে ডিআৰডিঅ’ৰ ৱেবছাইট ভিজিট কৰিব পাৰিব। প্ৰাৰ্থীয়ে অহা দুই মে’ৰ ভিতৰত আবেদনপত্র জমা দিব লাগিব। প্রার্থীয়ে অনলাইনযোগে আবেদন কৰিব লাগিব। মুঠ খালী পদৰ সংখ্যা এটা।

প্ৰাৰ্থীৰ অৰ্হতা : কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ বা পিএছইউ বা স্বায়ত্ত শাসিত সংস্থা বা বিশ্ববিদ্যালয়ৰ পৰা বিষয়া পদত কৰ্মৰত হৈ অৱসৰ লোৱা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সংশ্লিষ্ট বিষয়ত প্ৰাৰ্থীৰ ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতা থাকিব লাগিব। ডিআৰডিঅ’ত কাম কৰাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।

প্ৰাৰ্থীৰ বয়স : প্ৰাৰ্থীৰ বয়স ৬৩ বছৰৰ ভিতৰত হ’ব লাগিব।

নিয়োগ কাল : প্রার্থীক এবছৰৰ বাবে নিযুক্তি দিয়া হ’ব আৰু প্ৰয়োজনত নিযুক্তিৰ সময়সীমা বৃদ্ধি কৰা হ’ব
পাৰে।

আবেদন পদ্ধতি : প্রার্থীয়ে প্ৰাসংগিক নথিপত্ৰসহ সম্পূৰ্ণৰূপে পূৰণ কৰা আবেদনপত্ৰ তলৰ ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব—

The Director, Defence Research and Development Laboratory (DRDL), Govt. of India, Ministry of Defence, DRDO, Dr APJ Abdul Kalam, Missile Complex, Kanchanbagh PO, Hyderabad, Telangana- 5000581

Exit mobile version