Pakistan : পাকিস্তানত বিনিয়োগ কৰি বিপদত কাশ্মীৰ, মাফিয়াসকলৰ হাতত মৃত্যু ১২ জনলোক

pakistan flour crisis

Pakistan :

ঋণত জৰ্জৰিত পাকিস্তান (Pakistan) জম্মু-কাশ্মীৰৰ বাসিন্দাসকলে কৰিছে বিপুল বিনিয়োগ । কিন্তু সেই দেশৰ বিত্তীয় সংকটৰ বাবে, তেওঁলোকে বিনিয়োগৰ ক্ষেত্ৰত এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

মূলতঃ মাফিয়া ৰাজৰ বাবেই বিনিয়োগৰ লোকচান হৈছে বুলি দাবী কৰিছে কাশ্মীৰীসকলে (jammu and kashmir) । কিন্তু সেই কথা প্ৰকাশ কৰাৰ বাবে মাফিয়াৰ হাতত মৃত্যু হৈছে বুলি দাবী কৰে ভুক্তভোগীসকলে।

বিগত বৰ্ষৰ পৰা পাকিস্তানে যোৱাএক বৃহৎ বিত্তীয় সংকটৰ মাজেত ভুগিছে । মুদ্ৰাস্ফীতিৰ লগতে, ঋণৰ ফলত দেশৰ অৰ্থনীতি প্ৰায় ধ্বংস হৈ গৈছে।

এনে পৰিস্থিতিত, পাকিস্তানৰ ধনী লোকসকলে দেশৰ কোনো খণ্ডত বিনিয়োগ কৰিব নিবিচাৰে। ইয়াৰ ফলস্বৰূপে, ভাৰতীয়সকলে ইছলামাবাদ, কৰাচী, লাহোৰকে ধৰি বহুতো চহৰত বিনিয়োগ কৰিছে। জম্মু আৰু কাশ্মীৰৰ বেছিভাগ ধনী লোকে পাকিস্তানত বিনিয়োগ কৰিছে।

কিন্তু বিনিয়োগ কৰাৰ পাছত, তেওঁলোকে কোনো লাভ দেখা নাই । ইয়াৰ বিপৰীতে, ভাৰতীয়সকলে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । তথ্য অনুসৰি বিত্তীয় সংকটৰ বাবে দেশৰ বিভিন্ন ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হৈছে।

বেছিভাগ ক্ষেত্ৰতে, পাকিস্তানৰ বেছিভাগ মাফিয়া এই দুৰ্নীতিৰ স’তে জড়িত। উল্লেখ্য যে,লোকচানৰ পাছত মাফিয়াক সোধা-পোছা কৰাৰ বাবে কমেও ১২ জন ভাৰতীয়ক হত্যা কৰা হৈছে ।

স্থানীয় প্ৰশাসনে হত্যাৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।এনে ধৰণৰ ঘটনাৰ পাছত কাশ্মীৰৰ বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে।

Exit mobile version