FM : ডিফু আকাশবাণীয়ে লাভ কৰিলে এফ এম

২৮ এপ্ৰিলত ভার্চুৱেলী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

FM :

শুকুৰাৰৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১০.৩০ বজাত তেওঁৰ বাসগৃহৰ পৰা সমগ্ৰ দেশত ৯১ টা ১০০ ৱাট এফএম ট্রেঞ্চমিটাৰ উদ্বোধন কৰিব আৰু ইয়াৰ লগতে ডিফুবাসীৰদীৰ্ঘ প্রতীক্ষিত সপোনো পূৰণ হ’ব।

এই অনুষ্ঠানটো উদযাপন কৰিবলৈ ডিফু আকাশবাণীৰ চৌহদত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে কাৰ্বি আংলং পাহাৰ অঞ্চলৰ ই প্ৰথমটো এফএম ট্রেঞ্চমিটাৰ হোৱাৰ পথত আগবাঢ়িছে ৷

উদ্বোধনৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰামৰংহাং এআইআৰ ডিফুত উপস্থিত থকাৰ সম্ভাৱনা আছে।মাননীয় সংসদ সদস্য শ্ৰী হৰেণ সিং বে-য়ো অনুষ্ঠানটোত উপস্থিত থকাৰ সম্ভাৱনা আছে । অনুষ্ঠানটোত জ্যেষ্ঠ চৰকাৰীবিষয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ উপৰিও অঞ্চলটোৰ পদ্মশ্ৰী বঁটা প্ৰাপ্তশ্ৰী ধনেশ্বৰ ইংতিয়েও অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব ৷

এই পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ যুৱক-যুৱতীসকলৰ মাজত এক অভূতপূর্ব উৎসাহে দেখা দিছে। এই ট্ৰেঞ্চমিটাৰটো এফএম ফ্রিকুৱেঞ্চী ১০০.১ মেগাহার্টজত কাম কৰিব আৰু জনসাধাৰণৰ বাবে মনোৰঞ্জন তথা শিক্ষাৰ বিভিন্ন কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰিব৷

১০০ ডব্লিউ ট্ৰেঞ্চমিটাৰটোৱে প্ৰায় ৪০০ বর্গ কিলোমিটাৰ এলেকা সামৰিল’ব বুলি আশা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা চহৰ তথা নিকটৱৰ্তী গাওঁবোৰৰ হেজাৰ হেজাৰ শ্ৰোতা উপকৃত হ’ব।

Exit mobile version