Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : মধম্য যোগাযোগ। বন্ধু-বান্ধৱৰ পৰা উৎসাহ পাব। কোনো মাংগলিক কৰ্মত কোনোৱে ব্যস্ত হৈ পৰিব পাৰে। আপুনি ভৱিষ্যতৰ আঁচনি প্রস্তুত কৰাৰ কথা ভাবক। দাম্পত্যত সাধাৰণ উৎকণ্ঠা।

বৃষ : শৰীৰ মন ভালেৰে ৰখাৰ যত্ন কৰক। অনাহক বা হকেই হওক ধৈৰ্য্য ধৰি সমস্যা নিয়ন্ত্ৰণ কৰক। আর্থিকতা অলপ চিন্তা থাকিব। ঘৰুৱা লোকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব।

মিথুন : কর্মস্থানত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্তও হ’ব নালাগে। দুটা-এটা যুক্তিপূর্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব। খৰচ পাতি বৃদ্ধিৰ কাৰক। দাম্পত্যত মধ্যম। বিদ্যাত ভয় কম।

কর্কট : আর্থিক উন্নতিৰ সুযোগ। কোনো অর্থকাৰী দিশত যোগাযোগ কৰি উৎসাহিত হ’বও পাৰে। পাৰিপাৰ্শ্বিক লৈ বেছি চিন্তা নকৰিব। সন্তান, দাম্পত্য, কর্মাদিত সাধাৰণ ক্লেশ। ঘৰুৱাত মধ্যম।

সিংহ : প্রায় শুভ দিন। কিন্তু জীৱনত গুৰু দুৰ্বল থাকিলে প্ৰাপ্য সুযোগৰ পৰা সামান্য হ’লেও নিৰাশ হ’ব। সামগ্ৰিকভাৱে আপুনি বিভিন্ন যোগাযোগত উৎসাহ পাব। বিদ্যাত মন দিলে সুনাম হ’ব।

কন্যা : মনোজ্ঞ কথাৰ বাবে আনন্দিত হ’ব। কৰ্মস্থানত বেয়া নহ’ব। কোনো স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পাছত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। পঢ়া-শুনাত মন দিয়ক।

তুলা : তুলনামূলকভাৱে বিচিত্ৰ যোগাযোগ হ’ব পাৰে। তাৰ ভিতৰত অনুকূলৰ মাত্রা বেছি। ব্যৱসায়িক দিশত মন্থৰতা থাকিব। প্রেমত শুভ। দাম্পত্যত অসুস্থ। বিদ্যাত গতানুগতিক।

বৃশ্চিক : আইন সম্পৰ্কীয় কামত বেছি মনোযোগ নিদিব। কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক। ঘৰুৱা মধ্যম। পাৰিলে দৰকাৰী কৰো বোলা কাম সমাধানৰ চেষ্টা কৰক। বিদ্যাত শুভ।

ধনু : আর্থিকত মোটামুটি। তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও সচেতন থাকক। বিদ্যাত বেয়া নহ’ব। দাম্পত্যত মধ্যম। আৱেগিক কলাৰ সংযোগ। ঘৰুৱাত গতানুগতিক।

মকৰ : ভাবি-শুনি কামত আগুৱাওক। সহজতে আনৰ কথাক বিশ্বাস নকৰিব। ভুল-সংবাদত অনুগামী হ’লে ক্ষতি। বিদ্যাত অৱশ্যে বেয়া নহ’ব। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। দাম্পত্যত শুভ। আমোদৰ আশা ।

কুম্ভ : কৰ্মস্থানত জটিলতা কম পাব। হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰে চলিব পাৰিব। সন্তান কথাত সাধাৰণ উদ্বেগ। ভ্ৰমণত সতর্ক হওক। প্ৰেমত আন্তৰিকতা।

মীন : প্রিয় সংগৰ স’তে আনন্দ লাভ। কিন্তু মাত্ৰাধিকত সাৱধান। বিদ্যাদিত যাতে ব্যাঘাত নঘটে। সন্তানৰ কৰ্মাদিত আনন্দ প্রাপ্তি। দক্ষতাৰ বাবে সুনাম। কিন্তু শৰীৰ আৰু শত্ৰুৰ আমনি থাকিব।

Exit mobile version