NEET Examination : পৰীক্ষাৰ্থীৰ সংখ্যাই নতুন অভিলেখ গঢ়িলে নীট ইউজিত, ছাত্রী সংখ্যা সর্বাধিক

bd9976cc 141d 4f1e b78d b62a05e966c1

NEET Examination :

চিকিৎসা বিজ্ঞানৰ এমবিবিএছ পাঠ্যক্ৰমৰ নামভৰ্তিৰ পৰীক্ষা নীট ইউজিত পৰীক্ষাৰ্থীৰ সংখ্যাই এইবাৰ নতুন অভিলেখ ৰচিলে।

নেচনেল টেষ্টিং এজেন্সী (এনটিএ)ৰ দ্বাৰা পৰিচালিত নীট ইউজিৰ পঞ্জীয়ন যোৱা ছয় এপ্ৰিলত সমাপ্ত হৈছিল। এইবাৰৰ নীট ইউজিত অৱতীৰ্ণ হ’বলৈ প্ৰায় ২১ লাখ শিক্ষার্থীয়ে নাম পঞ্জীয়ন কৰিলে।

ইয়াৰে কমেও ২০ লাখ শিক্ষার্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এইবাৰৰ মুঠ ২১ লাখ পৰীক্ষাৰ্থীৰ মাজত ১২ লাখ পৰীক্ষাৰ্থী হৈছে ছাত্রী। যোৱা বছৰৰ তুলনাত এইবাৰ নীট ইউজিৰ বাবে ২.৫৭ লাখ অধিক সংখ্যক পৰীক্ষাৰ্থীয়ে আবেদন কৰিলে।

২০২২ বৰ্ষত নীট ইউজিত অৱতীৰ্ণ হোৱাৰ বাবে ১৮ লাখ ৭২ হেজাৰ আবেদনকাৰীয়ে নাম পঞ্জীয়ন কৰিছিল। এইবাৰ দেশৰ ভিতৰতে সর্বাধিক সংখ্যক মহাৰাষ্ট্ৰত আৰু দ্বিতীয় সর্বাধিক সংখ্যক প্রার্থীয়ে উত্তৰ প্ৰদেশত আবেদন কৰিছে।

Exit mobile version