Horoscope :
মেষ: যোগাযোগত ব্যতিক্ৰমৰ মাজেৰে আনন্দ পাব। শৰীৰ মোটামুটি ভালেই যাব। বিদ্যাক্ষেত্ৰত শুভ ফল পাব পাৰে, কিন্তু কর্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব পাৰে। বিবাহৰ যোগাযোগত শুভ ফল পোৱাৰ সম্ভাৱনা।
বৃষ : ব্যয় বৃদ্ধিৰ কাৰকতা। ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব পাৰে কৰ্মক্ষেত্ৰত মজলীয়া ফল পাব। বন্ধুৰ বিশ্বাস অর্জন। ব্যৱসায়ত শুভ।
মিথুন :নানা ক্লেশৰ মাজতো আয় স্তিমিত নহ’ব। ব্যৱহাৰিকত আপোনাৰ ধৈর্য অটুট থাকিব। সন্তানৰ বাবে মধ্যম দিন। উদ্যোগী ব্যক্তিৰ আনন্দ লাভ। অনাৱশ্যক কাৰণত অর্থ ব্যয় নকৰিব। প্ৰেমত বাধা।
কৰ্কট : ঘৰুৱা পৰিৱেশ প্ৰায় অনুকূল। ভাই-ভনীৰ বাবে আশাবাদী। বিদ্যাত খুব বেয়া নহ’ব। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। কমণ্ডত নতুন সুযোগ পাব। চাকৰিত মধ্যম উন্নতি।
সিংহ : ব্যৱসায়ত মধ্যম উন্নতি। ৰাজনীতিবিদসকলে সাৱধানে চলক। বিদ্যাত খুব বেয়া নহ’ব। শাৰীৰিক অশান্তি সামান্য থাকিব। প্রেম-প্ৰীতিত বেছি আৱেগিক নহ’ব।
কন্যা : কর্মক্ষেত্ৰত সহকৰ্মীৰ সহায় পাব। দাম্পত্যত ভালেই দেখা যায়। আৰ্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব। সামাজিক ক্ষেত্ৰত মান-সন্মান বৃদ্ধি পাব। বায়ু মার্গে ভ্ৰমণৰ যোগ। বিদ্যাত শুভ।
তুলা : আর্থিখ দিশত আয়-ব্যয় সমান। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ। উদ্বিগ্নতাই দেহৰ অশান্তি আনি পাৰে৷ প্ৰেমত বন্ধুৰ সহায় পাব। দূৰ ভ্ৰমণ নকৰিব। নতুন সংবাদত আনন্দ।
বৃশ্চিক : কর্মক্ষেত্ৰত নেতৃস্থানীয় ব্যক্তিৰ প্ৰেৰণা লাভ। ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনাৰ ক্ষেত্ৰত অনুকূল। মাতৃৰ শৰীৰ মধ্যম। আর্থিকত মধ্যম। পঢ়া-শুনাত অৱজ্ঞা নকৰিব।
ধনু : শৰীৰ বৰ উন্নত নাযাব পাৰে। আৰ্থিকত খৰচ বৃদ্ধি পাব। বিদ্যাত যত্ন লোৱাৰ আৱশ্যক। ব্যৱসায়ত কোন আৱেগক স্থান নিদিব। দাম্পত্যত চিন্তা থাকিব।
মকৰ : অনুকূল দিন। কর্মতৎপৰতা থাকিব। ভাবি-গুণী আগবাঢ়ক শুভ হ’ব। আর্থিক অগ্রগতিত বাধা নাপাব। শৰীৰ মধ্যম। বিবাহৰ কথাত আগবাঢ়িব পাৰে।
কুম্ভ : আর্থিক উন্নতিৰ যোগ সামান্য। খোৱা-বোৱাত সাৱধান থাকিব। ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে। মাতৃৰ ভালেই। সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব।
মীন : বিদ্যাত শুভ। অতিপাত পৰিশ্ৰম নকৰিব। ঘৰুৱাত খুব বেয়া নহ’ব। প্রাপ্য ধন আদায়ৰ সুযোগ পাব। প্ৰেম-প্ৰণয়ত বেয়া নহ’ব। ৰাজনীতিত সতর্ক হৈ চলক।