Bengaluru Visit Bhupen Bora:কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভূপেন বৰা

bhupen bora 1

Bengaluru Visit Bhupen Bora:

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷ আজি নিৰ্বাচনী প্ৰচাৰত ভাগ ল’বলৈ বাংগালুৰুত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷

ADVERTISEMENT

সভাপতি বৰাই বাংগালুৰুৰ অসমীয়া লোকৰ বসতিপ্ৰধান অঞ্চলসমূহত মুঠ ৭ খন নিৰ্বাচনী সভাত ভাগ লৈ দলৰ হৈ প্ৰচাৰ চলায়।

প্ৰচাৰ সভাৰ উপৰি সভাপতি বৰাই বাংগালুৰুৰ নামঘৰলৈ গৈ আঁঠু লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু পাছত বাংগালুৰুৰ অসমীয়া এছ’চিয়েচন, নেপালী এছ’চিয়েচন আদি কেইবাটাও সংগঠনৰ নেতৃত্বৰ সৈতে মতবিনিময় কৰে ৷

Exit mobile version