Panchyayat Secretary Arrested In Cachar :
লোভেই পাপ ,পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হৈছে এজন চৰকাৰী বিষয়াৰ ক্ষেত্ৰত ৷ অৱসৰলৈ মাজত মাত্ৰ এটা দিন থকাৰ পূর্বেই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন পঞ্চায়ত সচিব ৷ ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পঞ্চায়ত সচিবজনক ৷
ধৃত পঞ্চায়ত সচিবজন হ’ল কাছাৰ জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বোৱালিচেংজুৰ পঞ্চায়তৰ সচিব ৰতিশ ধৰ ৷ সচিবজনক উধাৰবন্ধৰ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে, কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে থানাত পঞ্চায়ত সচিবজনে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ সম্বলিত এক গোচৰ ৰজু কৰিছিল ৷
চি ই অ’ গৰাকীয়ে তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পঞ্চায়তৰ সচিবজনক ৷ আনহাতে বৰ্তমানেও পলাতক অৱস্থাত আছে কৃপা সিন্ধু আৰু অমৃতলাল গোৱালা নামৰ আন দুই অভিযুক্ত।