Doom Dooma Fire :ডুমডুমাৰ তালাপৰ টাউন ফিল্ডত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত তিনিগৰাকী কিশোৰী-যুৱতী অগ্নিদগ্ধ

Fire in doomdooma

Doom Dooma Fire:

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপত ভয়ংকৰ অগ্নিকাণ্ড ৷ বালিবজাৰ টাউন ফিল্ডত মহন চৌধুৰী নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ চাউমিন প্ৰস্তুত কৰা ফেক্টৰীত সংঘটিত হোৱা জুয়ে পলকতে আগুৰি লয় ক্ষুদ্ৰ ফেক্টৰীটো ৷ জুইত ভস্মীভূত হয় ফেক্টৰীটো ৷

আনহাতে এই অগ্নিকাণ্ডত তিনিগৰাকী কিশোৰী-যুৱতী অগ্নিদগ্ধ হয়। অগ্নিদগ্ধ তিনিওগৰাকীকে উন্নত চিকিৎসাৰ বাবে ডুমডুমাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ফেক্টৰীটোত কামকাজ অব্যাহত থকাৰ সময়তে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷  অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

Exit mobile version