Rupahihat Encounter:ৰূপহীহাটত এনকাউণ্টাৰ !

ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা

rupohi encounter

Rupahihat Encounter:

দেওবাৰে নিশা নগাঁৱৰ ৰূপহীহাটত গুলীচালনাৰ ঘটনা সংঘটিত হয়। কুখ্যাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা।

ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত বৰতলত সংঘটিত হৈছে এই গুলীবৰ্ষণ ঘটনা । দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামক কৰায়ত্ব কৰিবৰ বাবে আৰক্ষীৰ অভিযানৰ সময়তে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে মাফিয়াটোলৈ লক্ষ্য কৰি গুলী কৰে ।
ভৰিত গুলী লগাৰ বাবে গুৰুত্বৰভাৱে আহত হয় দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ৰমিজুল। ইতিমধ্যে আহত ৰমিজুলক আৰক্ষীয়ে তেজপুৰ টাইমছ হাস্পতালত ভৰ্তি কৰে ।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৭৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে । গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামৰ ঘৰ ৰূপহীৰ পাশ্বৱৰ্তী নাঙলদোৱাত। উল্লেখ্য যে,দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত আছিল ৰমিজুল ৷

Exit mobile version