Boat Accident In Sadiya :শদিয়াৰ অমৰপুৰৰ দিবাং নদী ঘাটত অঘটন

নৈ মাজত ডুৱ যায় যাত্ৰীবাহী নাও !

sadiya

Boat Accident In Sadiya :

শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ পাহাৰীয়া খৰস্ৰোতা দিবাং নদীৰ বুকুৰে অমৰপুৰলৈ গৈ থকা অৱস্থাত নৈ বুকুত ডুৱ যায় যাত্ৰীবাহী যন্ত্ৰচালিত নাও

জানিব পৰা মতে নাওখনত যাত্ৰী আছিল প্ৰায় ২৬ জন ৷ একেদৰে চাৰি চকীয়া বাহন তিনি খন আৰু দুচকীয়া বাহন দুখন ৷ উটি যায় যানবাহন সমূহ ৷

আনহাতে স্থানীয় লোকৰ সহযোগৰ লগতে কিছু লোকে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিছে বহু কেইজন যাত্ৰী ৷ সন্ধানহীন হৈছে আন কে’বাজনো যাত্ৰী ৷

শোকাৱহ নাও দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে শদিয়া আৰক্ষী,এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দল ৷

Exit mobile version