Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : দিনটোত বিশেষ সাৱধানেৰে চলা ভাল। বিদ্যার্থীসকল অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯

বৃষ : বন্ধু-ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব। বাহ্যিক কৰ্মত মন দিব লগা হোৱাত মূল কৰ্মত কিছু অৱহেলিত হ’ব পাৰে। দাম্পত্যত মত বিৰোধ শুভ ৰং সেউজীয়া, শুভ সংখ্যা – ৫।

মিথুন : ৰাতিপুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব। বিদ্যাত মধ্যম। মাতা-পিতাৰ কাৰণে দিনটো শুভ। শুভ ৰং বগা, শুভ সংখ্যা-৬।

কর্কট : পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলক। আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব। প্ৰেমত বাধা। বিয়া-বাৰুৰ যোগাযোগ শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ২।

সিংহ : ঘৰুৱাত কিছু ভালেই দেখা যায়। দুই এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে। কর্মক্ষেত্ৰত মানসিক অশান্তিৰ কাৰকতা। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা, শুভ সংখ্যা ১

কন্যা : কর্মক্ষেত্ৰত জটিলতা কিছু হ্রাস পাব। হাতলৈ অহা ধনৰ সদব্যৱহাৰ কৰো বুলিও অলপ বাধাগ্রস্ত হ’ব। দাম্পত্যত মধ্যম। ৰাজনীতিবিদ সকলে বিশেষ সতর্ক হওক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-৫।

তুলা : প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল। মূল কথাৰ প্ৰতি সজাগ থকা ভাল। দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব।শুভ ৰং বগা, শুভ সংখ্যা-৬।

বৃশ্চিক : কর্মক্ষম সকলে অসুবিধাৰ মাজেৰে অগ্ৰগতি লগিব। মানসিক অৱস্থা মধ্যম। আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

ধনুঃ খৰচ-পাতি ৰোধ কৰাৰ যত্ন কৰক। প্রাপ্য ধন আদায়ৰ সুযোগ পাব । বিদ্যাত বেয়া নহ’ব। প্ৰেমত বাধা। ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষৰ কৰি চলক। শুভ ৰং হালধীয়া, শুভ সংখ্যা-৩।

মকৰ : ক্ৰমে দিনটো উন্নত অনুভৱ কৰিব। কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। চুটি ভ্রমণ হ’ব পাৰে। প্ৰেম- প্ৰণয়ত উৎসাহ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

কুম্ভ : পুৱা ভাগতকৈ আবেলি উন্নত ফল লাভ কৰিব। কর্মস্থানত ভালেই দেখা যায়। বিদ্যাত কিছু আশাপদ। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে।

মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব। বেংক কর্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ যোগ আছে। প্ৰেম- প্রণয়ে সাময়িক বাধা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

Exit mobile version