Ankita Dutta Case: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখঠেকেচা যুৱ কংগ্ৰেছ নেতা শ্ৰীনিৱাস ভিৱি

অংকিতা দত্তৰ গোচৰ খাৰিজৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য ন্যায়লয়ৰ, শ্ৰী নিৱাসক গ্ৰেপ্তাৰৰ বাবে সাজু দিছপুৰ আৰক্ষী

sri Nivash

Ankita Dutta Case:

কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাছত শুক্ৰবাৰে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা অখিল ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস ভিৱি ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সদ্য নিলম্বিত কংগ্ৰেছী অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি
ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া খণ্ডপীঠে  আদালতে আবেদন অগ্ৰাহ্য কৰে ৷

উল্লেখ্য যে দিছপুৰ থানাই জাৰি কৰা জাননী অনুসৰি দুই মে’ত দিছপুৰ থানাত এঘাৰ বজাত হাজিৰ হ’ব লাগিছিল যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী। কিন্ত থানাত হাজিৰ নহৈ পলাতক অৱস্থাত থাকে শ্ৰীনিৱাস ৷

আনহাতে, ইতিপূৰ্বে শ্ৰী নিবাসৰ বাংগালোৰস্থ বাসগৃহত গৈ চমন আৰি থৈ আহে গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াই ৷

উল্লেখযোগ্য অংকিতা দত্তই শ্ৰী নিবাসৰ বিৰুদ্ধে নিযার্তনৰ গোচৰ তৰিছিল দিছপুৰ থানাত ৷এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছিল খৰতকীয়া তদন্ত ৷ এই তদন্ত অনুসৰি শ্রী নিবাস দুই মে’ত থানাত হাজিৰ হ’লে জেৰা চলালেহেতেন আৰক্ষীয়ে ৷

স্মতৰ্ৱ্য যে, অসম আৰক্ষীয়ে ইতিপূৰ্বে শ্ৰী নিবাসক পলাতক ঘোষণা কৰিছিল ৷ মনকৰিবলগীয়া যে,অংকিতা দত্তৰ দিছপুৰ থানাত দিয়া গোচৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰীনিৱাসে জনোৱা আবেদনৰ ওপৰত ২৬ এপ্ৰিলত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কোনো সকাহ নিদিলে শ্ৰীনিৱাসক ৷

ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া বিচাৰপীঠে চাৰিঘন্টা জোৰা শুনানি গ্ৰহণ কৰি আৰক্ষীক দুই মে’ত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছিল ৷

আজি উল্লিখিত গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীনিৱাসৰ আবেদন অগ্ৰাহ্য কৰি অন্তৰ্ৱতীকালীন জামিন দিয়াৰ পৰা বিৰত থাকে ন্যায়াধীশ অজিত বৰঠাকুৰ আদালত ৷

আদালতৰ এই ৰায়দানৰ পাছত দিছপুৰ আৰক্ষীয়ে শ্ৰীনিৱাসৰ গোচৰৰ তদন্ত খৰটকীয়া কৰি যিকোনো মুহূৰ্ততে ৱাৰেণ্টৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিব পাৰে যুৱ কংগ্ৰেছী নেতাজনক ৷

সম্প্ৰতি পলাতক অৱস্থাত আছে শ্ৰীনিৱাস ভিৱি ৷ মনকৰিবলগীয়া যে যুৱ কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি গৰাকী তথা যুৱ কংগ্ৰেছৰ অসমৰ তত্ববধায়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ সম্বলিত এখন এজাহাৰ অংকিতা দত্তই ২০ এপ্ৰিলত দিছপুৰ থানাত দাখিল কৰিছিল ।

দিছপুৰ থানাই এখন চমন জাৰি কৰি দুই মে’ত থানাত হাজিৰ হ’বলৈ নিৰ্দেশনাও দিছিল শ্ৰী নিৱাসক ৷ আনহাতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত নিৰাপদ দূৰত অৱস্থান কৰা শ্ৰী নিৱাসে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ কিন্তু ন্যায়ালয়ে সকাহ নিদিলে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীক ৷

Exit mobile version