Gold Seized In Guwahati Railway Station :গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ প্ৰায় ৬০ লাখ টকাৰ সোণ 

কৰায়ত্ব সোণ সৰবৰাহকাৰী

gold seized 1

Gold Seized In Guwahati Railway Station :

গোপন সূত্ৰৰ ভিত্তিত গুৱাহাটী ৰে’ল আৰক্ষীয়ে শুক্ৰবাৰে অৰ্তকিতে চলোৱা অভিযানত জব্দ হয় বুজন পৰিমাণৰ সোণৰ বিস্কুট । জব্দকৃত সোণ খিনিৰ পৰিমাণ প্ৰায় ৯৯৬ গ্ৰাম ওজনৰ তিনি খন বিস্কুট ৷ লগতে গ্ৰেপ্তাৰ কৰা হয় এজন সৰবৰাহকাৰীক ৷

উল্লেখ্য যে, ৰাজধানী এক্সপ্ৰেছযোগে এই সোণখিনি দিল্লীলৈ সৰবৰাহৰ চেষ্টা চলাইছিল ৰেৱতী ৰমন ছোনী নামৰ সোণ সৰবৰাহকাৰীজনে । জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

ধৃত ৰেৱতী ৰমন ছোনী নামৰ সোণ সৰবৰাহকাৰীজনে যোৰহাট জিলাৰ মৰিয়নীৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ উঠি দিল্লীলৈ সোণখিনি নিয়াৰ চেষ্টা চলাইছিল ।

ইতিমধ্যে ৰে’ল আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাই আছে ৷

Exit mobile version