Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : কর্মক্ষেত্ৰত নানা সমস্যা হোৱাৰ সম্ভাৱনা। যাত্ৰা কৰোতে সতর্ক হোৱা উচিত। ক’লা ৰঙৰ বস্ত্ৰ পুৱাৰ ভাগত পৰিধান কৰিলে শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

বৃষ : ব্যবসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। পুৱা গধুলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ। নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৮।

মিথুন : ব্যৱসায়ত লাভবান হ’ব। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্ৰাৰ দুপৰীয়া ১২ বজাৰ পাছত কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।

কর্কট : আয় অনুপাতে ব্যয় বৃদ্ধি পাব। কৰ্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্ৰা কৰিব সেউজীয়া ৰং শুভ, বিদ্যাত শুভ, শুভ সংখ্যা

সিংহ : সমাজত হেয় হ’ব পাৰে। আনৰ প্ৰতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ২।

কন্যা : কর্মক্ষেত্ৰত শুভ। পাতল হালধীয়া বা ক্রিম বস্ত্ৰ পৰিধান কৰিব সন্ধিয়া পাঁচ বজাৰ পাছত যাত্ৰা নকৰিব। প্ৰেম বাধা আহিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

তুলা : যাত্রা সাধানে কৰিব। পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰং পৰিধান কৰিব। শুভ ৰং কমলা, শুভ সংখ্যা ৮।

বৃশ্চিক : অর্থপ্রাপ্তিৰ ক্ষেত্ৰত সৰুসুৰা বাধাৰ সন্মুখীন হ’ব। যাত্ৰা কৰিব পাৰে। শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্ৰ জপ কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

ধনু : ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ। প্ৰেমত সন্দেহ ভাব। শুভ ৰং নীলা, শুভ সংখ্যা ৬।

মকৰ শাৰীকি শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্রেমত সফতা। শুভ ৰং হালধীয়া, শুভ ৰং সংখ্যা ৭।

কুম্ভ : অংশীদাৰী ব্যৱসায়ত উন্নতি। যানবাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই চিতি যাত্রা কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।

মীন : ধনাগম বৃদ্ধি পাব। বংৰ বস্তুৰ পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিখ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১

Exit mobile version