SCERT Scam:
ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদ (এছচিইআৰটি)ত সংঘটিত ১০৫ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ মূল অভিযুক্ত আইএএছ বিষয়া তথা পৰিষদৰ নিলম্বিত সঞ্চালিকা শেৱালী দেৱীশৰ্মাৰ আত্মগোপনৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বহিঃৰাজ্যলৈ পলায়নৰ দিশটোৰ ওপৰতো শেন দৃষ্টি ৰাখিছে।
এই কেলেংকাৰিৰ আন এজন অভিযুক্ত তথা শৰ্মাৰ সৰু জোঁৱাই অজিত পাল সিঙেও আত্মগোপন কৰিছে। জোঁৱায়েকৰ সহযোগতে শেৱালী দেৱী শৰ্মাই বাহিৰলৈ পলায়নৰ চেষ্টা কৰিব পাৰে বুলি তদন্তকাৰী সংস্থাটোৱে আশংকা ব্যক্ত কৰিছে।
ইপিনে, মাতৃৰ সন্ধান উলিয়াবলৈ শৰ্মাৰ দুই জীয়ৰীক আজি তদাৰকী শাখাটোৱে নিজৰ কাৰ্যালয়ত দীৰ্ঘসময় সোধ-পোছ কৰে। পাছত দুয়োকে ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয়।
আনহাতে, বুধবাৰে গ্ৰেপ্তাৰ কৰা এছচিইআৰটিৰ প্রাক্তন উপ-সঞ্চালক তথা ন’ডেল বিষয়া ড° এল এন সোণোৱাল, পৰিষদৰ কাৰ্যালয়ৰ গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কার্যালয় সহায়ক ৰমিজ উদ্দিন আহমেদ, চনদপ্রাপ্ত হিচাপ ৰক্ষক (চিত্র) সাৰংগ ম’ৰে আৰু শেৱালী দেৱীৰ বৰজোঁৱাই তথা পূর্বতেও বহু কেলেংকাৰিত জড়িত থকা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশীক আজি সংস্থাটোৱে জেৰা কৰে।
তদুপৰি আটাইকেইজনক বিশেষ আদালততো হাজিৰ কৰা হয়। আদালতে ধৃতকেইজনক দুদিনৰ বাবে তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ২০১৭ৰ পৰা ২০২২লৈ শেৱালী দেৱীৰ নেতৃত্বত এই বৃহৎ ধনৰ কেলেংকাৰি সংঘটিত হৈছিল। পূৰ্বৰে পৰা দুৰ্নীতিত অভ্যস্ত শেৱালী দেৱী শৰ্মাই বিভাগীয় অনুমোদন অবিহনে দুই জোঁৱায়েক যোশী আৰু অজিত পালক উক্ত বৃহৎ পৰিমাণৰ ধনৰ ঠিকা আবণ্টন দিছিল। স্মার্ট ক্লাছ, শৌচাগাৰ, লোহাৰ গেট, দেৱাল নির্মাণ আদি বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কামৰ নামত এই ধন মোকলাই দিছিল।
আনহাতে, শাহুয়েক সঞ্চালিকা হোৱাৰ সুবাদতে দুই জোঁৱায়েকে ঠিকাৰ সমস্ত কাম অতি নিম্ন মানৰে কৰি অধিকাংশ ধন আত্মসাৎ কৰে।
মনকৰিবলগীয়া যে,আটকাধীন এছচিইআৰটি ৰ নিলম্বিত প্রাক্তন উপ-সঞ্চালক তথা ন’ডেল বিষয়া ড° এল এন সোণোৱালৰ ছত্ৰছায়াতে নগাঁৱত এছ আৰ কে জুনিয়ৰ কলেজ খনৰ স্বয়ম্ভু অধ্যক্ষ হুচেইনে অবৈধভাৱে ডি এল এড পৰীক্ষাৰ নামত বহু প্ৰশিক্ষাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি পৰীক্ষাত অৱতীৰ্ণ কৰোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷
এনেক্ষেত্ৰত ড° এল এন সোণোৱালক আৰক্ষীয়ে মাৰাথন জেৰা চলালে ৰাজ্যত ডি ইল ইডি পৰীক্ষাৰ নামত চলি থকা অঘোষিত বজাৰ খনৰ বহু ৰৌ -বৰালি জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰে নগাঁৱৰ সচেতন মহলে ৷
আনহাতে ,এই ক্ষেত্ৰত নগাৱঁৰ এচ আৰ কে জুনিয়ৰ কলেজৰ হুচেইন নামৰ স্বয়ম্ভু অধ্যক্ষ জনক আৰক্ষীয়ে জেৰা কৰিলে বহুবোৰ ক’লা অধ্যায় পোহৰলৈ আহিব ৷