SSA Accountant Aarrested In Dibrugarh:ডিব্ৰুগড়ত সৰ্বশিক্ষাৰ গাণনিকৰ ৩০ লাখ আত্মসাৎ !

গ্ৰেপ্তাৰ দুই গাণনিক ধনটি গগৈ আৰু গিয়াজ আলী

scam

SSA Accountant Aarrested In Dibrugarh:

ডিব্ৰুগড় জিলাৰ সর্বশিক্ষা অভিযানৰ কাৰ্যালয়ত সংঘটিত ৩০ লাখ টকাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ধনটি গগৈ নামৰ গাণনিক বিষয়াগৰাকীক ডিব্ৰুগড়ৰ পূব মিলন নগৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। গগৈয়ে উক্ত ধন নিজৰ বেংক একাউণ্টত জমা কৰি বিভিন্ন কামত খৰচ কৰিছিল।

গুণোৎসৱৰ লগতে অন্য দুটা শিতানৰ এই ধন এনেদৰে হৰলুকি কৰা তথ্যৰ ভিত্তিত জিলা মিছন সমন্বয়ক এছ শৰ্মাই ডিব্ৰুগড় আৰক্ষী থানাত এটি গোচৰ তৰে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে নথিপত্ৰ পৰীক্ষা কৰি ধনটি গগৈয়ে এই বৃহৎ পৰিমাণৰ ধন নিজৰ একাউণ্টলে কৌশলৰে পৰিৱৰ্তন কৰি ব্যয় কৰাটো নিশ্চিত কৰে।

তদুপৰি বিগত বৰ্ষৰ মে’ৰ পৰা এই কামত জড়িত থকা বুলিও তথ্য উদ্ধাৰ হয়। ভাৰতীয় ষ্টেট বেংক, ইউকো বেংক আৰু ইণ্ডিয়ান বেংকত থকা একাউণ্টলৈ এই ধন পৰিৱৰ্তন কৰা হৈছিল।

সৰ্বশিক্ষাৰ একাউণ্ট পৰীক্ষা কৰাৰ সময়তে ধনটি গগৈয়ে সংঘটিত কৰা এই কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ জৰিয়তে চলোৱা তদম্ভত গগৈৰ লগতে আৰু কোনোবা এই কাৰ্যত জড়িত আছে বুলি সেয়াও পৰীক্ষা কৰি থকা হৈছে।

প্ৰসংগক্রমে উল্লেখ্য যে তদস্তুত এই পর্যন্ত উদ্ধাৰ হোৱা তথ্য অনুসৰি ধনটি গগৈয়ে বিত্তীয় বিষয়াৰ চহী লৈ নিজৰ একাউণ্টলৈ উক্ত বৃহৎ পৰিমাণৰ চৰকাৰী ধন পৰিৱৰ্তন কৰিছিল। গগৈয়ে বিত্তীয় বিষয়াৰ চহী কেনেকৈ সংগ্ৰহ কৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত।

আনহাতে শেহতীয়া খবৰ অনুসৰি ডিব্ৰুগড় আৰক্ষীয়ে শুক্ৰবাৰে আন এজন গাণনিক গিয়াজ আলীক ধৃত ধনটি গগৈৰ স্বীকাৰোক্তি ভিত্তিত আটক কৰে ৷

Exit mobile version