Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব পাৰে। ব প্রেম-প্রীতিত অনুকূল।

বৃষ : কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মিথুন : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ- অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কর্কট : মন ফৰকাল নাথাকিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পাৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্রমণক কষ্ট। নিজৰ ৰুচিব কামত অৱশ্যে পৰিৱর্তন নাপাব। বাধা দুই-এটা আছে।

সিংহ : কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতো কিছু চিত্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব।

কন্যা : কৰ্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত। দাম্পত্যত মধ্যম। সন্তানৰ চিন্তা-আঁত বিচাৰি নাপাব। বিদ্যাত উন্নতি।

তুলা : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। কিবা নতুন এটা কৰি দেখুৱাৰো হাবিয়াস আছে।

বৃশ্চিক : কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। মনোবল বঢ়াওক। গৃহৰ স্বাৰ্থত কিছুমানত এৰা ধৰা কৰিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব।

ধনু : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব। পিচবেলা বিবিধ উন্নতি।

Exit mobile version