Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : কর্মক্ষেত্ৰত আর্থিক লেন-দেনত সাৱধান থাকিব। স্বামী-স্ত্ৰীৰ মাজত মতানৈকাৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

বৃষ : আয়-উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৯।

মিথুন : চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অৰ্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্ৰেমত আন্তৰিকতা। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

কর্কট : বিবাহৰ যোগাযোগত শুভ। বিদ্যাৰ্থীৰ বাবে শুভ দিন। যান-বাহন ক্রয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

সিংহ : বিদ্যাৰ্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্ৰত কৰিব। নিবনুৱাৰ কৰ্মলাভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।

কন্যা : কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিক আশানুৰূপ ফল পাব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৮।

তুলা : শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুন ব্যৱসায় সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং, হালধীয়া, শুভ সংখ্যা ৬।

বৃশ্চিক: ব্যৱসায়ত উন্নতিৰ যোগ বিদ্যাৰ্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্ৰমণত দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্ৰত শুভ ফল পাব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।

ধনু : আৰ্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্যত চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং কমলা, শুভ সংখ্যা ৯।

মকৰ : বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায়। কৰ্মক্ষেত্ৰত সুপুৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্ৰত শুভ ফল পাব। ঘৰুৱা মধ্যম। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।

কুম্ভ : আর্থিকত উন্নতিত বাধা। বিদ্যাত যত্নৰ ক্ৰটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

মীন : ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্ৰত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

Exit mobile version