CHIEF Minister’s Security Transferred:মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতি !

cm Security

 CHIEF Minister’s Security Transferred:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত গাফিলতিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

উল্লেখ্য যে, মঙলবাৰে কলাক্ষেত্ৰত দেশৰ কে’বাটাও প্ৰতিষ্ঠিত কোম্পানীৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ অনুষ্ঠানত নিৰাপত্তা দিশটোত যথেষ্ট সুৰুঙা দেখা দিছিল ৷

অনুষ্ঠানৰ মাজতে একাংশ লোক নিৰাপত্তা বেহুভেদি মুখ্যমন্ত্ৰীৰ কাষলৈ চাপি গৈছিল ৷ এনে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া ক্ৰমে সুমন চক্ৰৱৰ্তী,উৎপল বায়ন আৰু গুণেন্দ্ৰ ডেকাক তৎকালীনভাৱে কাৰ্যকৰী হোৱালৈ তাৎক্ষণিক বদলি কৰা হয় ৷

সেই অনুসৰি সুমন চক্ৰৱৰ্তীক অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰৰ সহকাৰী মহাপৰিদৰ্শক ৰূপে বদলি কৰাৰ বিপৰীতে উৎপল বায়নক কাহিলীপাৰাৰ বিশেষ আৰক্ষী অধীক্ষক হিচাপে আৰু গুণেন্দ্ৰ ডেকাক দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে।

আনহাতে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰাপত্তৰ দায়িত্বত থাকিব অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক জয়ন্ত সাৰথি , দেৰগাঁৱৰ একাদশ আৰক্ষী বাহিনীৰ অধিনায়ক টাবু ৰাম পেগু আৰু আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মণ্টু ঠাকুৰীয়া ৷

Exit mobile version