Displaced People Protest In Sasal :চচলত শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ উত্তাল প্ৰতিবাদ ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত

silsako

Displaced People Protest In Sasal :

বিজেপি চৰকাৰৰ দুবছৰীয়া বৰ্ষপুৰ্তী দিনটোত ক’লা দিৱস হিচাপে প্ৰতিবাদ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা সহস্ৰাধিক শিলসাঁকোৰ উচ্ছেদিত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চচলত ৷

উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন আৰু ভূমি প্ৰদান,উচ্ছেদিত ভূমিত প্ৰকল্প বন্ধ কৰা আদি দাবীত ৰাইজে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

উল্লেখ্য যে, উচ্ছেদিত ভূমিত এক বৃহৎ চৰকাৰী প্ৰকল্প স্থাপনৰ বাবে লোৱা অভিলাষী আঁচনি সন্দৰ্ভত শিলসাঁকোত উপস্থিত হোৱা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে ৰাইজৰ স’তে এক মনবিনিময় কৰাৰ প্ৰয়াস কৰে যদিও ৰাইজৰ উত্তাল প্ৰতিবাদত মন্ত্ৰী সিংহাল ধৰ্ণাস্থলীৰ পৰা প্ৰস্থান কৰে ৷

উত্তেজিত ৰাইজৰ হুংকাৰ ৷ উচ্ছেদিত ভূমিত কোনো প্ৰকল্প স্থাপন কৰিবলৈ দিয়া নহ’ব ৷উচ্ছেদিত সকলক পুনৰ সংস্থাপন নিদিয়ালৈকে ৰাইজৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত লয় ৷

আনহাতে উচ্ছেদিত লোকৰ যুদ্ধংদেহী স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বৃহৎ আৰক্ষী মোতায়েন কৰাৰ লগতে বেৰিকেড গঢ়ি তোলে ৷

Exit mobile version