Dr.Sangita Dutta Torture Children :সংগীতা দত্তৰ নাম শুনিলেই কঁপি উঠে দুই শিশুৱে !

children Torture

Dr.Sangita Dutta Torture Children :

তোলনীয়া কণমানি শিশুক পাশৱিক নির্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মহানগৰীৰ চিকিৎসক সংগীতা দত্ত সন্দৰ্ভত বিস্ফোৰক মন্তব্য সদৰি কৰে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ জিতুল দত্তই ৷

তেওঁ কয়, কণমানি শিশু দুটিৰ সন্মুখত তেওঁলোকৰ পালিতা মাতৃ সংগীতাৰ নাম উল্লেখ কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা হৈছে যদিও কাৰোবাৰ মুখত মাতৃৰ নাম শুনিলে মুখত ফুটি উঠে ভয় আৰু আতংক ৷ শৰীৰৰ বিভিন্ন স্থানত এতিয়া সজীৱ হৈ আছে অকথ্য নিৰ্যাতন৷ যাৰবাবে মাতৃৰ নাম শুনিলেই জিকাৰ খাই উঠে কণমানি দুটিয়ে ৷

সম্প্ৰতি শিশুটি দুটি সুস্থ হৈ উঠিছে আৰু এতিয়া সিহঁতে শান্তিৰে খেলা-ধুলা কৰিছে বুলি মন্তব্য কৰে জিতুল দত্তই ৷ আনকি পুতলা হাতত তুলি কন্যা শিশুটিয়ে লিৰিকিবিদাৰি চাই কয়, ইয়াৰ গাত একো দাগ নাইছোন ৷ ইয়াক মাকে নামাৰে নেকি ? এইদৰেই সিহঁতে মাজে মাজে ভয়াৰ্ত উঠে বুলি উল্লেখ কৰে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ জিতুল দত্তই ৷

Exit mobile version