Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : মেষ : আর্থিক দিশত বাধা নাযাব। কৰ্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব। শৰীৰ মধ্যম। ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব।

বৃষ : দিনটো উৎসাহ জনক নহ’ব পাৰে। পৰিৱেশৰ লগত মনৰ মিল কম হ’ব। স্থায়ী কোন কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব।

মিথুন : কর্মক্ষেত্ৰত বাধা থাকিব। বিদ্যাত জটিলতা নাই। পঢ়াত মন বহুৱাওক। প্ৰেমত নতুন সংযোগ। প্ৰেমত শুভ।

কর্কট : অনুকূল দিন। যোগাযোগত প্রায় ভালেই। নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাতো সিমান জটিলতা নাথাকিব।

সিংহ : কোনো কৰ্মৰ লগত কৌশলগত সংযোগ ৰাখি কৃতকার্য হ’ব। মনৰ অৱস্থা ভালেই থাকিব। বিদ্যাত মধ্যম। প্ৰেমত অশুভ।

কন্যা : মধ্যম দিন। শৰীৰো এক ৰকম। বিদ্যাত খেলিমেলিৰ মাজেৰে অগ্রগতি। দাম্পত্যত চিন্তা থাকিব।

তুলা : আর্থিক উন্নতিৰ চেষ্টাত অনুকূল। প্ৰাপ্য মান-সন্মান লাভৰ সংবাদ। জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে। বিদ্যাত শুভ।

বৃশ্চিক : অস্থিৰতা লাহে লাহে হ্ৰাস পাব। কিছু পৰিৱৰ্তনীয় কামৰ অগ্ৰসৰতা। শৰীৰ ভালেই যাব। পঢ়াত বাধা।

ধনু : খৰচ বৃদ্ধি পাব। ঘৰুৱা দিশতো সমস্যা বুদ্ধি পাব। ভ্রমণত সতর্ক থাকিব। মূৰৰ বিষ হ’ব পাৰে।

মকৰ ঃ দিনটো আপোনাৰ প্ৰায় ফৰকাল বুলিব পাৰে। কৰ্মক্ষেত্ৰত জটিলতা নাথাকিব। শৰীৰো মধ্যম। বিয়াৰ যোগযোগত শুভ।

কুম্ভ : কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। আৱেগ প্ৰৱণতাৰ দ্বাৰা নচলিব। ভ্রমণত লাভজনক ফল। বিদ্যাত শুভ।

মীন : কৰ্মত নিৰাশ নহ’ব। চেষ্টাত অটল থাকক। বিদ্যাত শুভ। আর্থিকতা দুশ্চিন্তা কম। নিবনুৱাৰ কৰ্মলাভৰ যোগ।

Exit mobile version