Horoscope: দিনটোৰ ৰাশিফল

horoscope24 4 23 2

Horoscope: দিনটোৰ ৰাশিফল

মেষ : বিশেষ কোনো কামত সফলতা পাব। শৰীৰ দুৰ্বল অনুভৱ কৰিব। আবেলি পাঁচ বজাৰ পাছত চাইচিতি যাত্ৰা কৰিব। আপোনাৰ শুভ ৰংবগা।

বৃষ : কৰ্মক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ স’তে সু-সম্পর্ক স্থাপন। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং গুলপীয়া । প্ৰেমত আনন্দ।

মিথুন : সামাজিক কর্মত, জড়িতসকলে উন্নত পৰিৱেশ পাব । বিদ্যাৰ্থীসকলৰ শুভ। দিনটোত এবাৰ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা শুভ হ’ব।

কর্কট : কৰ্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মত বিৰোধ হ’ব পাৰে। যাত্ৰা কৰিব পাৰে। শুভ ৰং ক’লা।

সিংহ : কন্যা সন্তানৰ প্ৰতি চকু দিয়ক । যাত্ৰা কৰিলে সাৱধানে হ’ব। শুভ ৰং সেউজীয়া ৷ পাৰিবাৰিক অশান্তিত ভুগিব পাৰে ।

কন্যা : ব্যৱসায়ত উন্নতি। যোগাযোগত খুউব বেয়া নহয়। শুভ ৰং ৰঙা । ৰঙা ৰং সুতাৰে হাতত পাঁচ পাক দি মেৰিয়াই লৈ যাত্ৰা কৰিলে সফল হ’ব ৷

তুলা : কৰ্মত সফলতা লাভ কৰিব। যাত্ৰা কৰিলে বেঙুণীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। যাত্রা শুভ হ’ব প্ৰেমত আনন্দ ।

বৃশ্চিক : সাংস্কৃতিক কর্মত জড়িতসকলে সফলতা লাভ কৰিব। যাত্রা কৰিলে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। বিদ্যাত শুভ।

ধনু : যাত্ৰা কৰিব পাৰে। দিনটো ফৰকাল। শিৱৰ মন্ত্ৰ জপ কৰিব । পাতল নীলা ৰং আপোনাৰ বাবে শুভ। প্রেমত বুজাবুজি।

মকৰ : পুৰণা বন্ধু-বান্ধৱক লগ পাই সুখী হ’ব। ব্যৱসায়ত আয় বৃদ্ধি কাৰকতা। ৰঙা ৰঙৰ ব্যৱহাৰ যাত্ৰা শুভ কৰিব।

কুম্ভ : আর্থিক দিশত বাধাগ্রস্থ হ’ব। শুভ ৰং কমলা ৰং। এই ৰং ব্যৱহাৰে যাত্ৰা শুভ কৰিব। বিদ্যাত মধ্যম।

মীন : ব্যৱসায়ত দিনটো শুভ। পাৰিবাৰিক দিশতো দিনটো শুভ। পুৱা যাত্ৰা কৰিব পাৰে। শুভ ৰং মেৰুণ।

Exit mobile version