Nandra Talukder Foundation Website Opening In Janata Bhawan:জনতা ভৱনত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ অধীনত

ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা ৱেবছাইট মুকলি মুখ্যমন্ত্ৰীৰ

janata bhawan 1

Nandra Talukder Foundation Website Opening In Janata Bhawan:

জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰা গ্ৰন্থ-আলোচনীসমূহ সংৰক্ষণৰ হেতু প্ৰস্তুত কৰা www.assamarchive.org শীৰ্ষক ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ডিজিটাইজিং অসম প্ৰকল্পৰ অধীনত ১৮১৩ চনৰ পৰা ১৯৭০ চনৰ ভিতৰৰ সকলো বিৰল অসমীয়া কিতাপ- আলোচনীক ডিজিটাইজ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি পৃথিৱীৰ প্ৰতিটো অংশৰ পৰা সহজে উপলব্ধ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ প্ৰথম অংশ হিচাপে ১৮৪০-১৯৭০ চনৰ ভিতৰৰ সময়ছোৱা সামৰি লোৱা আলোচনীৰ অংশটো সম্পূৰ্ণ কৰিছে ৷ অৰুণোদয়ৰ পৰা বাঁহী বা আৱাহানৰ পৰা ৰামধেনুলৈকে ১৬১খন আলোচনীৰ ৩০৭১টা সংখ্যাৰ ২,৪৫,৬৮০খন পৃষ্ঠা ডিজিটাইজ কৰিছে ৷

সম্পূৰ্ণ বিনামূলীয়া এই ৱেবছাইটৰ জৰিয়তে সকলো শ্ৰেণীৰ পাঠকৰ অধ্যয়নৰ বাবে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ সহযোগত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া এক প্ৰশংসনীয় কৰ্ম বুলিঅভিহিত কৰে।

মুখ্যমন্ত্ৰীয়ে,অসমীয়া ভাষা-সাহিত্যিক ডিজিটেলি উপলব্ধ কৰাৰ বাবে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সচিব তথা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ এই পদক্ষেপে অসমীয়া সাহিত্য সম্ভাৰক সংৰক্ষিত কৰি জনসাধাৰণৰ বাবে এই সাহিত্যৰাজি সহজে উপলব্ধ কৰি অধ্যয়নৰ সুযোগ প্ৰদানৰ লগতে ডিজিটেল মাধ্যমত অসমীয়া সাহিত্য সম্ভাৰৰ উপলব্ধতাই ভৱিষ্যৎ প্ৰজন্মক অসমৰ বৌদ্ধিক জগতখনৰ চহকী ঐতিহ্যৰ সৈতে পৰিচিত কৰিব বুলিআশা প্ৰকাশ কৰিছে।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ সহ ৰাজ্য চৰকাৰৰ কে’বা গৰাকী জ্যেষ্ঠ আমোলা-বিষয়া উপস্থিত থাকে ৷

Exit mobile version