Cyclone Mocha:’মোকা’ ঘূৰ্ণী বতাহৰ ভয়ংকৰ ৰূপৰ সম্ভাৱনা !

প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ, উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা

cyclone

Cyclone Mocha:

শুক্ৰবাৰে নিশা ‘মোকা’ ঘূৰ্ণী বতাহে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে ৷বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে প্ৰতি ঘন্টাত ১৩৫ কিলোমিটাৰ বেগত বতাহ অহাৰ সম্ভাৱনাৰ কথা সদৰি কৰে বতৰ বিজ্ঞান বিভাগে ৷

শুক্ৰবাৰে নিশা ভাগত ‘মোকা’ ঘূৰ্ণীবতাহ দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰেৰে, পোৰ্ট ব্লেয়াৰৰ দ্বীপপূঞ্জৰ পৰা প্ৰায় ৫২০ কিলোমিটাৰ পশ্চিমে আৰু বাংলাদেশৰ কক্সবজাৰৰ পৰা ১,১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত থাকিব।

একেদৰে দেওবাৰেও ‘মোকা’ বতাহৰ প্ৰভাৱ পৰিব দক্ষিণৰ বহু অঞ্চলত ৷ ইয়াৰ গতিবেগ প্ৰায় ১৭৫ কিলোমিটাৰ প্ৰতিঘন্টাত অহাা সম্ভাৱণা আছে। যাৰবাবে ইতিমধ্যে দক্ষিণাত্য ৰাজ্য কেইখনৰ উপকুলীয় অঞ্চলত হাইএলাৰ্ট জাৰি কৰিছে সংশ্লিষ্ট প্ৰশাসনে ।

আনহাতে ‘মোকা’ ঘূৰ্ণী বতাহৰ প্ৰভাৱ উত্তৰ- পূৰ্বাঞ্চলত আংশিক প্ৰভাৱ পৰিব ৷ ইয়াৰ ফলত শনিবাৰে মিজোৰাম,ত্ৰিপুৰাত মুষলধাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ একেদৰে অসম,নাগালেণ্ড,মণিপুৰত দেওবাৰে পুৱাৰে বৰষুণ দিয়াৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে ৷

Exit mobile version