Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : উন্নত পৰিৱেশ। মানসিক দিশতো অনুকূল দেখা যায়। সা সম্পত্তিৰ ক্ষেত্ৰত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা। কোনো সম্পদ বা সন্মানৰ্গৰাকীও হ’ব পাৰে।

বৃষ : প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি-কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র। শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক।

মিথুন : আজিও খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যবাধকতা হ’লেও ভাবিচিন্তি নিজৰ কাম কৰ্ম। ব্যৱসায়ত শুভ।

কর্কট : এলাহ বৃদ্ধি পালেও স্বকমত ব্যস্ততা নকমিব। পাৰিবাৰিক উন্নত। প্ৰাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধুবৰ্গৰ সহায় সহযোগ দেখা যায়। পঢ়া-শুনাত মধ্যম। দাম্পত্যত শুভ।

সিংহ : বাধা বিঘিনি কিছু হ্ৰাস হ’ব পাৰে। দুপৰীয়াৰ পৰা। বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্ৰৱঞ্চকৰ পৰা ব্যৱসায় বাণিজ্যত মজলীয়া ফল। প্ৰেমত গতানুগতিক।

কন্যা: শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্ৰায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে একো মন্তব্য নিদিব। সমগ্ৰ দিনটো আপোনাৰ উৎসাহজনক।

তুলা : আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই। এই ক্ষেত্ৰত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি অশান্বিত হ’ব। বুদ্ধিত উজুতি খাব পাৰে বাবে সাৱধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ।

বৃশ্চিক : খৰচ-পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছুৱে সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব। পঢ়াত মন ৰাখক। দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে।

ধনু : ক্রমে দিনটো কিছু আশাপ্রদ। অৱশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাত মনোযোগ বঢ়াওক। জাতি কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা।

মকৰ : কর্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহৰ প্ৰভাৱ পেলাব পাৰে। দাম্পত্যত মধ্যম সময়।

কুম্ভ : অস্থিৰ চিন্তা সম্পূৰ্ণ বৰ্জনীয়। শৰীৰ মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূৰ্ণ নহ’ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকূল। প্রেমত মধ্যম।

মীন : অনুকূল পৰিৱেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব। সুসংবাদত খুচি হ’ব পাৰে। দাম্পত্যত বেয়া নহ’ব।

Exit mobile version