Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তসকল কমকালত কিবা অশান্তি অনুভৱ। ঘৰুৱাত শুভকর্ম সম্পাদন। শৰীৰ সম্পর্কে সচেতন থাকক। আৰ্থিকত মজলীয়া। শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃষ : কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ। বিদ্যাতো বেয়া নহ’ব। জ্ঞাতি- কুটুম্ব চিন্তা থাকিব। বর্তমান পৰিবেশৰ কথা ভাবি ফুৰা- চকাত নিজে সতর্ক থাকক। বন্ধুৰ সংগত সুখ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

মিথুন : পঢ়া-শুনাত মন বঢ়াওক। জ্ঞাতি-কুটম্বৰ লগত সম্ভাৰ মজলীয়া। বন্ধুবৰ্গৰ সংগ বা আগমন। ব্যৱসায়ত চিন্তা কম। আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪।

কর্কট : আৰ্থিকত খা-খৰচ বৃদ্ধি। বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব। কিবা পৰিৱৰ্তনৰ নতুনত্ব অনুভৱ। বিদ্যাত যত্ন ৰাখক। অভাৱত চিন্তাৰে সময় নষ্ট নকৰিব। সুসংবাদ। শুভ ৰং বগা, শুভ সংখ্যা ৭।

| সিংহ : কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায় ৷ মনৰ অৱস্থা মধ্যম। কোনো কাৰণে মনত দুখ আহিব পাৰে। বিদ্যাত বেয়া দেখা নাযায়। প্ৰেমত দুৰ্ভাৱনা থাকিব। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

কন্যা : বৰ উন্নত দিন নহ’ব। এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব। অভাৱত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব। উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

তুলা : যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব। কর্তব্যত নিজৰ দক্ষতা থাকিব। কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে। বিদ্যাত অনুকুল পৰিৱেশ। ভ্ৰমণ চিন্তা কৰিলেও কষ্ট। শুভ ৰং বগা, শুভ সংখ্যা ২।

বৃশ্চিক : কোনোৱে আশাৰে কৰা অপেক্ষা কৰি সফল। যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰ দিনটো পাৰ কৰিব লাগিব। বিদ্যাত সিমান বেয়া দেখা নাযায়। খাদ্যৰ প্ৰতি নজৰ ৰাখক। নতুন সংযোগ আশা। দাম্পত্যত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

ধনু : কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুত্বৰ কাম আদি হাতত ল’লেও ভৱা-গুণা কৰি ল’ব। নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি। প্ৰেম-প্ৰীতিত মধ্যম। পঢ়া-শুনাত খেলি-মেলি থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

মকৰ : আজি পূৰ্বদিনতকৈ উন্নত। মনত দৃঢ়তাও থাকিব। যোগাযোগৰ পৰা উপকৃত হ’ব। উপৰুৱা ব্যৱসায়ত অনুকুলতা। বিদ্যাত যত্ন ৰাখক। মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ। ভ্ৰমণৰ যোগ। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

কুম্ভ : আর্থিকত হাত ধৰি চলক। বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ ৰাখিবলৈ সক্ষম হ’ব। আজি পূৰ্বদিনৰ তুলনাত কিছু উন্নত। শৰীৰৰ আহুকালো কমিব। ৰাজ্যিক কথাত কিছু ব্যস্ত থাকিব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১।

মীন: আকস্মিক কোনো সুযোগ বা সহায়-সহযোগিতাৰ সম্ভাৱনা। মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা। বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়। নতুনযোগাযোগত অনুকুল আশা বিদ্যাত বেয়া দেখা নাযায় ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৫৷

Exit mobile version