CID Interrogated O C Raja Irshad Of Dhing Police Station:জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ সম্পৰ্কত

চি আই ডিৰ জেৰা ধিং থানাৰ অ'চি ৰাজা ইৰছাদক

arshad

CID Interrogated O C Raja Irshad Of Dhing Police Station:

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই গোচৰৰ তদন্ত কৰি থকা চি আই ডিয়ে শুক্ৰবাৰে তলৱ কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদক ৷

তলবৰ জাননীৰ পাছতে আজি আৰক্ষী বিষয়াজনে দুপৰীয়া উপস্থিত হয় নগাঁও পুলিচ ৰিজাৰ্ভৰ অতিথি শালাত৷ চি আই ডিয়ে বহু সময় ধৰি জেৰা কৰে ৰাজা ইৰছাদক ৷

উল্লেখ্য যে, জোনমণি ৰাভাৰ চৰকাৰী কোৱাটাৰৰ প্ৰতিবেশী আছিল ৰাজা ইৰছাদ ৷ জোণমণিৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা নিজ জীয়ৰীৰ কোনো খবৰ নাপাই জোনমণিৰ মাক সুভদ্ৰাই কাষ চাপিছিল চুবুৰীয়া ৰাজা ইৰছাদৰ ৷ মাকে নিজৰ ম’বাইলৰে ইৰছাদক যোগাযোগ কৰিবলৈ কৈছিল ৷

কিন্ত অতি কৌশলৰে ইৰছাদে জোনমণিৰ মাকৰ ম’বাইলৰ বহু তথ্য ডিলিত কৰা বুলি অভিযোগ কৰে জোনমণি ৰাভাৰ মাতৃয়ে৷

শুক্ৰবাৰে নগাঁও সদৰ থানাত জোনমণিয়ৰ মাতৃয়ে দাখিল কৰা এজাহাৰতো নাম আছে ৰাজা ইৰছাদৰ ৷ মাতৃৰ ফোনৰ তথ্য নষ্ট কৰাৰ গুৰুতৰ অভিযোগ ৰাজা ইৰছাদৰ বিৰুদ্ধে উপস্থাপন কৰে এজাহাৰত

Exit mobile version