Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩, হাতলৈ টকা-পইচা আহিব। পুৰণা কেচ মোর্কদমাত জয় হ’ব। আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব । আজিৰ দিনটোত করা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে। মন্দিৰৰ ওচৰত থকা ভিক্ষাৰী এজনক ক’লা বস্তু দান কৰিব ।

বৃষ : শুভ ৰং বগা। শুভ সংখ্যা ৭, বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে। পুৰণা ৰোগত ভোগা সকলে কষ্ট পাব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব। ব্যৱসায়ত সুফল পাবলৈ কষ্ট কৰিব লাগিব।

মিথুন : শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৪, আজি আপোনাৰ বাবে আনন্দ পূৰ্ণ দিন। ঘৰলৈ মূল্যবান সম্পত্তি আহিব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব। হাতলৈ টকা-পইচা আহিব। সময়ৰ কাম সময়ত নকৰা বাবে আর্থিক ক্ষতি হ’ব পাৰে।

কর্কট : শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১, অনাবশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়। সহায় কৰি প্ৰতিদান নল’ব। কর্মত বাধা দেখা যায়৷

। সিংহ : শুভ বং বগা। শুভ সংখ্যা-৫, পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। ব্যবসায়ত মধ্যম ফল পাব। হাত ভৰিত আঘাত পাব পাৰে। আনৰ পৰা আর্থিক সহায় পাব।

কন্যা : শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬, চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। সন্তানৰ অপকৰ্মৰ বাবে সন্মান হানি হোৱাৰ ভয়। পুৱা গা ধুই আহি হনুমান চালিচা পাঠ কৰিব।

তুলা : শুভ ৰং নীলা। শুভ সংখ্যা ৩, আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে। শৰীৰ অসুস্থ হোৱাৰ ভয়। সন্তানৰ ভাল কামে
আনন্দ ।

বৃশ্চিকঃ শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮, প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে। সমন্ধিয় ব্যক্তিৰ দুখৰ খবৰ শুনিব পাৰে। শিৱ মন্দিৰত ধুপ ঢাকি জলাব।

ধনুঃ শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫, ঘৰলৈ মূল্যবান সম্পতি আহিব। যিকোনো কামৰ সুফল লাভ কৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।। সন্তানৰ ভাল কামে মনত আনন্দ দিব। পুৱা গা ধুই তুলসী গছত পানী ধালিব।

মকৰ : শুভ ৰং গেৰুৱ। সংখ্যা ১, ব্যবসায়ত লাভ কৰিব পাৰিব। চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব। শিক্ষাৰ্থীৰ বাধা আহিব পাৰে। কপালত বগা চন্দনৰ ফোট ল’ব।

কুম্ভ : শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ২, আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয়। চাকৰিৰ স্থানৰ পৰিৱৰ্তন হ’ব পাৰে। শিৱ মন্দিৰৰ ওচৰত থকা ভিক্ষাৰি এজনক খোৱা বস্তু দান কৰিব।

মীন: শুভ ৰং বগা। শুভ সংখ্যা ৮, বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। নিজৰ ভুলৰ বাবে টকা-পইচাৰ হাবি হ’ব পাৰে। চাকৰি প্ৰত্যাষিসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ শুভ। গা ধুই সূৰ্যক প্ৰণাম কৰি জল অৰ্পণ কৰিব।

Exit mobile version