HSLC Result 2023:সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থানপ্ৰাপক সকল

প্ৰথম স্থান দখল ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াৰ

HSLC Result 2023:

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান প্ৰাপক সকল:
প্ৰথম স্থান দখল ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াৰ I

দ্বিতীয় স্থান দখল কৰিছে চাৰি কৃৰ্তী শিক্ষাৰ্থীয়ে। তেওঁলোক হ’ল নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়ৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু সোণাৰিৰ ছেইণ্ট যোছেফ স্কুলৰ আদিত্য অনুপম কোঁৱৰ।

তৃতীয় স্থানত উজ্বলি উঠিল দৰং জিলাৰ দুমুনীচকী ইংলিছ স্কুলৰ নিলুফাৰ ৰহমান, গোলাঘাট জিলাৰ ভোলাগুৰিৰ আদৰ্শ বিদ্যাপীঠৰ অনিন্দিতা বৰা আৰু বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ মৃগাংক ভট্টাচাৰ্য।

উল্লেখ্য যে,মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল চাৰি লাখ ১৯ হেজাৰ ৮৮৭ গৰাকী। আনহাতে উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬৯ শতাংশ । ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ সংখ্যা এক লাখ ৯৪ হাজাৰ ৫৪ গৰাকীৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা আছিল দুই লাখ ২৮ হাজাৰ ১২০গৰাকী।

আনহাতে,বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত

Exit mobile version