Preparations For Construction Of Flyover In Kaziranga:কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষাৰ উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি

প্ৰাক:কলন প্ৰস্তুত বাবে বিভাগীয় নিৰ্দেশ জাৰি

kaziranga3

Preparations For Construction Of Flyover In Kaziranga:

এশিঙিয়া গড়ৰ বিচৰণস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অভয়াৰণ্য খনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতু নিৰ্মাণৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক কুজকাৱাজ ৷

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীৰ প্ৰত্যক্ষ নিৰ্দেশত শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথটোত তিনিটা খণ্ডত নিৰ্মাণৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

সঞ্চালক গৰাকীয়ে উল্লেখ কৰা মতে,মুলত অভয়াৰণ্য খনৰ বন্যপ্ৰাণী সুৰক্ষাৰ দিশটো অনুধাৱনৰ লগতে পৰ্যটনৰ আকৰ্ষণৰ বাবে সবাংগসুন্দৰ সুৰংগ আৰু উৰণীয়া সেতু নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰাক:কলন প্ৰস্তুতৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে ৷

অহা তিনিমাহৰ ভিতৰত প্ৰাক:কলনৰ ৰিৰ্পট দাখিলৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, উৰণীয়া সেঁতু আৰু সুৰংগ নিৰ্মাণ সকলো কামকাজ কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত দেশৰ এটা প্ৰখ্যাত কোম্পানীয়ে দায়িত্ব লোৱাৰ সম্ভাৱনা ব্যক্ত কৰে অভয়াৰণ্য খনৰ সঞ্চালক গৰাকীয়ে ৷

Exit mobile version