Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : অনুকুল পৰিৱেশ। বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতা সকল উপকৃত হ’ব। বন্ধু- বান্ধৱৰ পৰা নিৰাশ নহ’ব। কর্মস্থানত বাধা দেখা নাযায়। প্ৰেমত মধ্যম। আজি যাত্ৰা কৰোতে হাতত এখন বগা ৰুমাল ল’ব যাত্ৰাদি শুভ। শুভ সংখ্যা ২৷

বৃষ : কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব। মন হঠাৎ বেয়াও হ’ব পাৰে। বিদ্যাৰ্থীসকলৰ শুভ। আপুনি আজি কমলা আপোনাৰ শুভ ৰং ।
শুভ সংখ্যা ৫।

মিথুন : প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাত লাভ। কর্মাদিত বেয়া দেখা নাযায়। শিল্প-সাহিত্য বিকাশ। ভ্ৰমণত কষ্ট। ঘৰুৱা অশান্তিৰ মাজত নিজৰ ঠিক ৰখাৰ যত্ন কৰক। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

কর্কট : উন্নত পৰিৱেশ। ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে । কর্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰৰ সম্ভাৱনা। যাত্রা শুভ। যাত্রা বা শুভ কাম কৰোতে আপুনি গাঢ় ৰঙা ৰঙৰ কাপোৰ পিন্ধিব। শুভ ৰং ৭।

সিংহ : আর্থিক চিন্তা থাকিব। প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব পাৰে ধৰ্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে। কৰ্মত অৱশ্যে খ্যাতি থাকিব। যাত্রাও মধ্যম। শুভ ৰং পাতল সেউজীয়া । শুভ সংখ্যা ৩।

কন্যা ঃ সু-সংযোগ লাভৰ যোগ। আৰ্থিকত মজলীয়া ফল পাব। দায়িত্ব পূর্ণ কর্মৰক্ষেত্ৰত সচেতন হওক। আজি আপুনি পুৱা মন্দিৰত পূজা কৰিব। শুভ ৰং বৰ্ণ ক্ৰীম ৰঙা। শুভ সংখ্যা ১।

তুলা : কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব। শাৰীৰিক দিশত ভালেই যাব। ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব। শুভ বৰ্ণ মেৰুণ ৰঙ। এই ৰঙৰ কাপোৰ পিন্ধি যাত্ৰা কৰিব। পূৰ্বদিশে যাত্ৰা কৰিলে সুফল পাব। শুভ সংখ্যা ৬।

বৃশ্চিক : দূৰ যাত্ৰাদিত বাধা পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ। শুভ ৰং হালধীয়া ফুলেৰে পূজা কৰি সোঁ হাতত সুতা বান্ধি ল’ব। শুভ সংখ্যা ৪।

ধনু : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব। খৰচ বৃদ্ধি পাব। কিছুমান দুৰ্ভাৱনাই লগ ধৰিব পাৰে। সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব। আজি আপোনাৰ শুভ বর্ণ আকাশী নীলা। শুভ সংখ্যা ২।

মকৰ : বিদ্যাৰ্থীৰ বাবে আজি দিনটো ভাল। ই দেখা যায়। কর্তব্যত আগ্রহ বাঢ়িব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল। আপোনাৰ শুভ বর্ণ বেঙুণীয়া। যাত্ৰাদি শুভ। শুভ সংখ্যা ৯।

কুম্ভ : কোনো কৰ্মত আনন্দ পাব। হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে। মাতৃৰ শৰীৰ বেয়া নহ’ব। শুভ বৰ্ণ ক’লা । ক’ৰা ৰঙৰ কাপোৰ পিন্ধি ভ্ৰমণ কৰিলে সুফল পাব। শুভ সংখ্যা ৪।

মীন ঃ পূৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। আৰ্থিকত মজলীয়া ফল পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত উন্নতিৰ যোগ। শুভবৰ্ণ ৰং সেউজীয়া ৰং ব্যৱহাৰ কৰিব। যাত্ৰাদি শুভাশুভ। শুভ সংখ্যা ১।

Exit mobile version