Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ : চোৰ ডকাইতিৰ পৰা সাৱধান হ’ব। অৰ্থৰ নাটনি হ’ব পাৰে। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। শিক্ষাৰ্থীৰ শুভ।

বৃষ : বিয়াৰ প্ৰস্তাৱ পাব পাৰে। শিক্ষাৰ্থীৰ বাধা দেখা যায়। ব্যৱসায়ৰ কিছু সমস্যা আছে যদিও সমাধান হ’ব। শুভ কাম আজি নকৰাই ভাল হ’ব। সাংসাৰিক অশান্তি বাঢ়িব।

মিথুন : অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে । ব্যৱসায়ত লেনদেন কৰোতে সাৱধান হ’ব পাৰে। পথ দুৰ্ঘটনা ঘটিব পাৰে। কৰ্মৰ নিমর্জিত হ’ব।

কর্কট : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। আর্থিক দিশত শুভ।

সিংহ ঃ কিছু সন্দেহ আৰু কষ্টৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। দূৰ যাত্ৰাদিত বাধা পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক।

কন্যা : প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাত লাভ। ক্রমে দিনটো কিছু বাধাৰ

মাজেদি পাৰ হ’ব। ব্যৱসায়ত উন্নতিৰ যোগ। কৰ্মত অশান্তি হ’ব পাৰে । তুলা : সু-সংযোগ লাভৰ যোগ। বিদ্যা, কৰ্মস্থান শুভ ফল। দায়িত্বপূর্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। ব্যৱসায়ত উন্নতিৰ চেষ্টা কৰক। সফল হ’ব।

বৃশ্চিক : কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব পাৰে। আর্থিকভাৱে খৰচ বৃদ্ধি হ’ব। কিছুমান বেয়াভাৱ নাই। লগ কৰিব পাৰে। কর্তব্যত আগবাঢ়িব পাৰে।

ধনু : কোনো কর্মত আনন্দ পাব পাৰে। পুৰণি বন্ধু লগ পোৱাৰ সম্ভাৱনা দেখা যায়। পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক। প্রেমত বাধা দেখা যায়।

মকৰ : স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে ব্যৱসায়ত সমস্যা আহিব পাৰে। পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। নতুন কর্মপ্ৰেৰণা পাব।

কুম্ভ : যৌথ ব্যৱসায়ত আর্থিক লেনদেনৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম বুদ্ধিৰ যোগ দেখা যায়। চাকৰিৰ স্থান সলনি হ’ব পাৰে।।

মীন : ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে. নতুন গ্ৰহ নিৰ্মাণৰ সুযোগ দেখা যায় ।

Exit mobile version