Nagalend Incident:নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি

টাছু সভাপতিক নৃশংসভাৱে হত্যা, ক্ষুব্ধ লোকে জ্বলালে হত্যাকাৰীৰ বাসগৃহ

snaga

Nagalend Incident:

প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ ম’ন জিলাত উত্তপ্ত পৰিস্থিতি। ড্ৰাগছৰ বিৰুদ্ধে সততে সৰব হোৱা এজন ছাত্ৰ নেতাক দুৰ্বৃত্তই ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ পাছতে সমগ্ৰ অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। নিহত যুৱকজন টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়ন ( টাছু )ৰ একছন কমিটিৰ সভাপতি আহুৱা কন্যাকক ৷

স্মতৰ্ৱ্য যে,শেহতীয়াকৈ নাগালেণ্ডৰ ম’ন জিলাত ড্ৰাগছৰ মুক্ত প্ৰচলন হোৱাত একাংশ যুৱক ইয়াৰ গ্ৰাসত পৰি সৰ্বস্বান্ত হোৱাক লৈ ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় বহু কেইটা নাগা সংগঠনে সৰব হৈ পৰে।

আজি নাগা জনগোষ্ঠীৰ সংগঠনৰ স’তে টাছু’’ৰ একশ্যন কমিতিৰ সভাপতি আহুৱা কন্যাকে একাংশ স্থানীয় নাগা লোকক লগত লৈ টিজিট, নামছা আদি অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই৷ ৷অভিযানৰ অব্যাহত থকাৰ সময়ত এজন নাগা ড্ৰাগছ আসক্তক আটক কৰে আহুৱা কন্যাকৰ অভিযানকাৰী দলটোৱে।

পাছত ড্ৰাগছ আসক্ত যুৱকজনক লগত লৈ নামচা ফানতম কলনীত এজন কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাসগৃহতঅভিযান চলাবলৈ যাওঁতেই অৰ্তকিতে ড্ৰাগছ মাফিয়া চক্ৰৰ সদস্যই আহুৱা কন্যাকক চোকা দাৰে আক্ৰমণ কৰে।

চোকা দাৰ উপৰ্যুপৰি ঘাপত আহুৱা কন্যাক থিতাতে নিহত হয়। এই নৃশংস হত্যাকাণ্ডৰ পাছতে স্থানীয় নাগালোক সকল ক্ষুব্ধ হৈ পৰে ৷ উত্তেজিত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী মাফিয়া আক্ৰমণকাৰীৰ ঘৰ জ্বলাই দিয়ে ৷

জনতাৰ ক্ষোভৰ অগ্ৰণী দেখি আক্ৰমণকাৰী মেনচান কন্যাকে ঘটনাস্থলীৰ পৰা পলায়ন কৰি পাছত নামচা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷

এই নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে”টাছু”য়ে অহা ২৪ ঘন্টাৰ বাবে নাগালেণ্ডৰ “টিজিট টাউন”বন্ধৰ ঘোষণা কৰিছে ৷ সংগঠনটোৰ হুংকাৰ আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তি নিদিয়ালৈকে ক্ষান্ত নহয় টাছু ৷ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিব ঘোষণা কৰে টাছু ৷

Exit mobile version