Horoscope: দিনটোৰ ৰাশিফল

horoscope 1

Horoscope: দিনটোৰ ৰাশিফল

মেষ : কর্মক্ষেত্ৰত নতুন আশা থাকিব, যদিও সৰু-সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাকতা। বিদ্যাত মধ্যম ফল, দাম্পত্যত মধ্যম। শৰীৰৰ ওপৰত নজৰ ৰাখক ।

বৃষ : আর্থিক ক্ষেত্ৰত সামান্য হ’লেও কষ্ট আছে। জ্ঞাতি-কুটুম্বৰ পৰা মধ্যম সহাৰী। উপযুক্তই পুৰস্কৃত হ’ব। বন্ধুৰ আন্তৰিকতা। প্ৰেমত বদনাম।

মিথুন : অনুকূল পৰিৱেশ। শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি। আপোন ব্যক্তিৰ পৰা সুখ। কর্মব্যস্ততা থাকিব, ভ্রমণ, সন্মান আদিৰ যোগ।

কর্কট : গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা। পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে। বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়। নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে।

সিংহ : উন্নত পৰিৱেশৰ আশা। পাৰিবাহিক সু-সংবাদ পোৱাৰ কাৰক। আর্থিক দিশত কিছু ভালেই। পঢ়া-শুনাত যোগ্যতা থাকিব। কোনো লোকৰ সান্নিধ্যত সুখ পাব।

কন্যা : মজলীয়াভাৱে দিনটোৱে সহায় কৰিব। কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে। আত্মবিশ্বাসক নিজ কৰ্মত ব্যৱহাৰ কৰক। বিদ্যাত শুভ।

তুলা : আৰ্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। দুৰ্ভাৱনা দিনটোৱে আমনি কৰিব। ব্যৱাসয়ত গুপ্ত শত্ৰুৰ পৰা সাৱধান। ভ্ৰমণৰ চেষ্টাত লাভৱান হ’ব। ঘৰুৱাত নতুন পৰিকল্পনা।

বৃশ্চিক : আনন্দ লাভ। সু-সংযোগত মনত উৎসাহ থাকিব। আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব। কর্মক্ষেত্ৰ উন্নত পৰিৱেশ। ব্যৱসায়ত শুভ।

ধনু : ঘৰুৱা দিশত বেয়া নহ’ব। দুই-এটা চেষ্টাত সফল। কর্মক্ষেত্ৰত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব। কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব।

মকৰ : খৰচ-পাতি ৰোধ কৰাৰ চেষ্টা কৰক। ফুৰা-মেলাতো সাৱধান হওক। কর্মক্ষেত্ৰত ব্যৱস্থতা বৃদ্ধি পাব। আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা ৷

কুম্ভ : সাবধানেৰে চলক। শৰীৰ বৰ শুভ বুলিব নোৱাৰি। কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক। বাদ-বিসম্বাদৰ পৰা আঁতৰক।

মীন : ৰাজহুৱা কামত খ্যাতি ম্লান নহয়। শৰীৰ মধ্যম। বন্ধুবৰ্গৰ লগত সু- সম্বন্ধ থাকিব। বিদ্যাত ভালেই। ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে। ভ্ৰমণত সুখ।

Exit mobile version