Rahul Gandhi:পাৰপত্ৰ তৈয়াৰ কৰিব পাৰিব ৰাহুলে !

আপত্তি নাই দিল্লী উচ্চ ন্যায়ালয়ৰ

rahul

Rahul Gandhi:

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নতুনকৈ পাৰপত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি প্রদর্শন নকৰিলে।আদালতে ইয়াৰ বাবে ৰাহুলক আপত্তিবিহীন প্রমাণপত্র দিলে।

ADVERTISEMENT

উল্লেখ্য যে সাংসদ পদ হেৰুৱাৰ পাছত ৰাহুলে তেওঁৰ কূটনৈতিক পাৰপত্ৰ জমা দিছিল আৰু এইবাৰ সাধাৰণ পাৰপত্ৰৰ বাবে আবেদনৰ সিদ্ধান্ত লৈছিল।

সেই অনুসৰি কংগ্ৰেছ নেতাজনে যাৱতীয় অনুমতি আদালতৰ পৰা বিচাৰিছিল। সেই অনুসৰি সকলো দিশ বিবেচনা কৰি আদালতে ৰাহুলৰ আবেদন মঞ্জুৰ কৰে। আৰু লগতে কয় যে এই “আপত্তিহীন প্রমাণপত্র আগন্তুক তিনিবছৰলৈকে বৈধ থাকিব।

Exit mobile version