Jibon Singha Koch :কেএলঅৰ সেনাধ্যক্ষ জীবন সিংহ কোচ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ মাজত চতুৰ্থ লানি ৰূদ্ধধাৰ বৈঠক অনুষ্ঠিত আৰু প্ৰাৰম্ভিক আলোচনা শেষ

jiban koch

Jibon Singha Koch :

আজি ছাৰেণ্ডাৰ কেএলঅ এছ”চিএছনৰ তৰফৰ পৰা সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ভাৰত চৰকাৰ আৰু কমতাপুৰ লিবাৰেচন অৰ্গনাইজেচন চমুকৈ কেএলঅৰ মাজত শান্তি আলোচনা চলি আছে। উক্ত আলোচনাত মিলিত হয় ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা নেতৃত্ব দিয়া গৃহ বিভাগৰ উত্তৰ পূব মণ্ডলৰ উপদেষ্টা এ কে মিশ্ৰ আৰু ‌কেএলঅৰ‌ সেনাধ্যক্ষ জীৱন সিংহ কোচ আৰু কেন্দ্ৰীয় সমিতিৰ‌ বিষয়ববীয়া।

বিশেষ সূত্ৰৰ পৰা জানিব পোৱা মতে ইতিমধ্যে কেএলঅৰ সেনাধ্যক্ষ জীবন সিংহ কোচ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ লগত চাৰি লানি ৰূদ্ধধাৰ বৈঠক অনুষ্ঠিত হয় আৰু প্ৰাৰম্ভিক আলোচনা শেষ হৈছে।

গতিকে উক্ত আলোচনা লেহেমীয়া নকৰি তীব্ৰ‌তৰ কৰি অতি সোনকালেই শান্তি চুক্তি সমাপন কৰি কোচ জনগণক গণতান্ত্ৰিক, অৰ্থনৈতিক , সাংবিধানিক অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ছাৰেণ্ডাৰ কেএলঅ এছ”চিএছনৰ সভাপতি কনকেশ্বৰ ৰায়ে।

কোচ ৰাজবংশী সকলক গণতান্ত্ৰিক,অৰ্থনৈতিক,সাংবিধানিক অধিকাৰ প্ৰদান কৰিবৰ একমাত্ৰ ৰাস্তা হ‌ল পৃথক কামতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু জনজাতিকৰণ।তেতিয়া হে আমিও প্ৰকৃত আজাদী কা অমৃত পাণ কৰিব পাম বুলি মন্তব্য ছাৰেণ্ডাৰ কেএলঅ এছোচিএছনৰ নেতাজনৰ।

ছাৰেণ্ডাৰ কেএলঅ এছ”চিএছনৰ নেতা ৰায়ে লগতে কয় যে আমি কোচ কমতাপুৰৰ যুৱ প্ৰজন্ম তথা সকলো জনগণৰ তৰফৰ পৰা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী,গৃহমন্ত্রী অমিত শ্বাহ‌ আৰু শান্তি আলোচনাৰ মধ্যস্তাকাৰী গৃহ বিভাগৰ বিষয়ববীয়াক অনুৰোধ তথা আপিল কৰোঁ যে শান্তি আলোচনা দ্রুত সমাপন কৰি আমাক পৃথক কামতাপুৰ ৰাজ্য তথা গৃহভূমি ঘূৰাই দিয়ক।

লগতে কোচ কামতাপুৰৰ স‌কলো যুৱ প্ৰজন্ম আৰু কোচ জনগণক জাতিৰ স্বার্থত্ ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰি গৃহভূমি কোচ কামতাপুৰ পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান ছাৰেণ্ডাৰ কেএলঅ এছ”চিএছনৰ সভাপতি কনকেশ্বৰ ৰায়ৰ।

Exit mobile version