ASTC Employees Dismissed From Service:চাকৰিৰ পৰা বৰ্খাস্ত হ’ল ৭৭১ জন এএছ টিচি কৰ্মচাৰী

পল্টনবজাৰস্থ এ এছ টি চিৰ কৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, অবৈধভাৱে নিযুক্তি দিয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

astc

ASTC Employees Dismissed From Service:

অবৈধ নিযুক্তিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লোৱাৰ পাছত আজি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এএছটিচিত কৰ্মৰত ৭৭১ জন কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়ে চৰকাৰে ৷

উল্লেখ্য যে,আজি জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এএছটিচিত অবৈধভাৱে নিযুক্তি দিয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ ইংগিত দিয়ে ৷

আনহাতে ,পল্টনবজাৰস্থ এ এছ টি চিৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে বৰ্খাস্ত হোৱা কৰ্মচাৰীৰ একাংশই ৷পৰিবহণ নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰে অসম ৰাজ্যিক পৰিবহন সন্থাই ৷

একেদৰে এএছটিচিৰ কৰ্মচাৰীয়ে ঘোষণা কৰে কৰ্মবিৰতি ৷ সেই অনুসৰি এক জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব এএছটিচি বাছ সেৱা । এনে প্ৰেক্ষাপটত পৰিবহন নিগম কৰ্তৃপক্ষই কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version