Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

আৰ্থিক সাহায্য প্ৰদান চিকিৎসাধীন আঘাত প্ৰাপ্তৰ পৰিয়াললৈ

aec help

Financial Assistance Of AEC Alumni:

২৮ মে’ত মাজনিশা মহানগৰীৰ জালুকবাৰী সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত সাতজনকৈ অসম অভিযান্ত্ৰিক কলেজৰ ছাত্ৰই শোকাৱহ মৃত্যু আকোঁৱালি লোৱাৰ লগতে এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় বয়লাৰ কঢ়িওৱা পিক আপ ভানৰ চালক হেণ্ডিমেন সহ তিনিজন লোক ৷

গুৰুত্বৰভাৱে আহত হৈ সম্প্ৰতি জি এম চি এইছত চিকিৎসাধীন হৈ থকা তিনি আঘাত প্ৰাপ্তৰ কাষত থিয় দিয়ে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু ফেকাল্টীৰ এটি দল ৷

মাত্ৰ এদিনৰ ভিতৰতে এ ই চিৰ প্ৰাক্তন ছাত্ৰ আৰু ফেকাল্টীয়ে দিয়া দান-বৰঙণিৰ প্ৰায় তিনি লাখ ৫৪ হাজাৰ টকা প্ৰদান কৰে তিনি আঘাতপ্ৰাপ্তৰ পৰিয়ালক ৷

জি এম চি এইছত চিকিৎসাধীন হৈ থকা তিনি আঘাতপ্ৰাপ্ত ক্ৰমে মুজাম্মিল আলী, ৰাজীৱ আলী আৰু ইউছুফ আলীৰ পৰিয়ালক সুকীয়া সুকীয়াকৈ একলাখ ১৮ হাজাৰ টকাৰ চেক জি এম চি এইছ চৌহদতে প্ৰদান কৰে এ ই চিৰ প্ৰাক্তন ছাত্ৰ আৰু ফেকাল্টীৰ দলটোৱে ৷ এ ই চিৰ প্ৰাক্তন ছাত্ৰ আৰু ফেকাল্টীৰ এই মহানুভৱতাক সকলোৱে উচ্চ প্ৰশংসা কৰিছে ৷

Exit mobile version