Pathshala:চাৰিটা স্থান দখলেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

কলা শাখাত আনন্দৰাম বৰুৱা একাডেমিৰ -৩, কৃষ্ণকান্ত সন্দিকৈৰ -১

patchala 2

Pathshala:

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত পাঠশালাস্থিত আনন্দৰাম বৰুনা একাডেমিৰ পৰা তিনিগৰাকী শিক্ষাৰ্থীৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ এগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি বজালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

 উল্লেখ্য যে প্ৰতিবছৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সক্ষম হোৱা আগশাৰীৰ শিক্ষানুষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ তিনিগৰাকী ছাত্ৰী ক্ৰমে প্ৰতীক্ষা ভূঞা আৰু দৃষ্টি এন জি বৰ্মনে অষ্টম আৰু কাব্যশ্ৰী দাসে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

পাঠশালাৰ প্ৰগতি নগৰ নিৱাসী তথা টিহু মহাবিদ্যালয়ৰ গণিত বিষয়ৰ আধ্যাপক ৰমা কান্ত ভূঞা আৰু মধ্য বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কবিতা তালুকদাৰৰ কন্যা প্ৰতীক্ষা ভূঞাই ইংৰাজীত ৯৪ অসমীয়াত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৬, অৰ্থনীতি বিজ্ঞানত ৯৮, নৃতত্ব বিভাগত ৯৭ আৰু গণিতত ৮৬ নম্বৰৰে মুঠ ৪৭৯ নম্বৰ লাভ কৰে ৷

পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় নাৰাখি পঢ়া শুনা কৰা প্ৰতীক্ষাই আজৰি সময়ত গান শুনি আৰু কিতাপ পঢ়ি ভাল পায়৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি এগৰাকী ভাল প্ৰশাসনিক বিষয়া হোৱাৰ হেপাহ পুহি ৰাখিছে ৷

আনহাতে শিক্ষানুষ্ঠানখনৰ আন এগৰাকী ছাত্ৰী পাঠশালাৰ মুগুৰীয়া নিৱাসী লেবৰেটৰী টেকনিচিয়ান নৱজিৎ বৰ্মন আৰু গৃহিনী গীতিকা বৰ্মণৰ কন্যা দৃষ্টি এন জি বৰ্মনে ইংৰাজীত ৮৮, অসমীয়াত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৭, শিক্ষাত ৯৯, নৃতত্ব বিভাগত ৯৮ আৰু তৰ্ক বিজ্ঞানত ১০০ নম্বৰৰে মুঠ ৪৭৯ নম্বৰ লাভ কৰে ৷

দৈনিক দহঘণ্টাকৈ পঢ়া শুনা কৰা দৃষ্টিয়ে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মনেৰে বৰ্তমান কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰম পঢ়িব৷ আজৰি সময়ত ৰূপসজ্জা কৰি, অভিনয়-নৃত্য কৰি তথা আবৃত্তি কৰি ভাল পোৱা দৃষ্টিয়ে তৰ্কশাস্ত্ৰত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ৷

শিক্ষানুষ্ঠানখনৰ আন এগৰাকী শিক্ষাৰ্থী তথা শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰদীপ কুমাৰ দাস আৰু বিষয় শিক্ষয়িত্ৰী গীতা চৌধুৰীৰ কন্যা কাব্যশ্ৰী দাসে কলা শাখাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

কাব্যশ্ৰীয়ে ইংৰাজীত ৯৩, বিকল্প ইংৰাজীত ৯৬, ৰাজনীতি বিজ্ঞানত ৯৮, নৃতত্ব বিজ্ঞানত ৯৬, বুৰঞ্জীত ৯৪ আৰু ভূগোল বিজ্ঞানত ৯২ সহ মুঠ ৪৭৭ নম্বৰ লাভ কৰে৷ দিল্লী, তেজপুৰ নাইবা হাইদৰাবাদত অধ্যয়ন কৰি ভৱিষ্যতে বুৰঞ্জী নাইবা ইংৰাজী বিষয়ৰ অধ্যাপক হোৱাৰ আশা মনত পুহি ৰখা কাব্যশ্ৰীয়ে পঢ়াৰ বাবে কোনো নিৰ্ধাৰিত সময় ৰখা নাছিল ৷

আজৰি সময়ত কিতাপ পঢ়ি আৰু গান শুনি, বিশেষকৈ টেইলৰ চুইফটৰ গান শুনি ভাল পায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আনহাতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী কস্মিতা শৰ্মাই ইংৰাজীত ৯১, অসমীয়াত ৯৭, অৰ্থনীতিত ৯৬, ভূগোল বিজ্ঞানত ১০০, তৰ্কশাস্ত্ৰত ৯৬ আৰু ৰাজনীতি বিজ্ঞানত ৮৭ নম্বৰৰে মুঠ ৪৮০ নম্বৰ লাভ কৰে৷ টিহু নিবাসী শিক্ষক দ্বিজেন্দ্ৰ শৰ্মা আৰু গৃহিণী কল্পনা ভাগৱতীৰ কন্যা কস্মিতাই পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় ধৰি লোৱা নাছিল ৷

আজৰি সময়ত গান শুনি ভাল পোৱা কস্মিতাই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হবলৈ মন৷ আজিৰ এই ফলাফলৰ পিছতে দুইখন শিক্ষানুষ্ঠানে পাঠশালা নগৰত শোভাযাত্ৰা উলিয়াই আনন্দ প্ৰকাশ কৰে ৷

Exit mobile version